/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/khlkjad.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী: ৫ জুনত বিশ্ব পৰিৱেশ দিৱস। বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত শনিবাৰে বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়। মুখ্য কাৰ্যসূচী অনুসৰি, কাৰ্যালয়ৰ কাষত প্ৰায় ৪০ জোপা বিভিন্ন প্ৰজাতিৰ গছৰ পুলি ৰোপণ কৰা হয়।
গছ পুলি ৰোপণ কৰি মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই কয় যে 'গছ অবিহনে প্ৰকৃতি কল্পনাই কৰিবই নোৱাৰি। তেনেস্থলত আমাৰ কৰিব লগীয়া তেনেই নগন্য, আৰু সেয়া হৈছে আমি প্ৰকৃতিক সুৰক্ষা কৰিবলৈ গছ ৰোপণৰ লগতে দৈনন্দিন প্লাষ্টিক ব্যৱহাৰ এৰি চলিব লাগিব।"
বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আগমন কক্ষত দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যাত্ৰীক প্ৰায় ৪০০ ফুলগছ টাবসহ প্ৰদান কৰা হয়। যাত্ৰী সকলৰ মাজত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতী থকা কুইজ প্ৰতিযোগীতাৰো আয়োজন কৰা হয়।
আৰু পঢ়ক: তিনি দিনৰ জেৰাৰ অন্তত মাজুলীত গ্ৰেপ্তাৰ এছ আই জোনমণি ৰাভা