জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ নাথৰ স্তম্ভলেখাৰ একত্ৰ সংকলন 'চলন্তিকা-২'ৰ উন্মোচন

জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ নাথৰ স্তম্ভলেখাৰ একত্ৰ সংকলন 'চলন্তিকা-২'ৰ উন্মোচন
জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ নাথৰ স্তম্ভলেখাৰ একত্ৰ সংকলন 'চলন্তিকা-২'ৰ উন্মোচন

ডিজিটেল সংবাদ, গুৱাহাটীঃ জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ নাথৰ স্তম্ভলেখাৰ একত্ৰ সংকলন 'চলন্তিকা-২'ৰ শুকুৰবাৰে এক গাম্ভীৰ্যপূৰ্ণ সভাত উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক তথা গবেষক পণ্ডিত ড০ দয়ানন্দ পাঠকে । এইমৰ্মে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত উন্মোচনী সভাত উন্মোচক ড০ পাঠকে সময়ৰ তৰংগত সকলো হেৰাই যায় বুলি উল্লেখ কৰি এই তৰংগৰ ঢৌ ধৰি ৰাখিব খোজা সাংবাদিক নাথৰ প্ৰচেষ্টাৰ শলাগ লয় ।

ড০ পাঠকে কয় 'কাকতত স্তম্ভ লিখাটো বৰ সহজ কথা নহয় । ইয়াৰ বাবে স্তম্ভলেখকে নিজৰ চিন্তাক সংযত কৰাৰ প্ৰয়োজন । স্তম্ভলেখাৰ বিষয় নিৰ্বাচন কৰাটোও জটিল । স্তম্ভলেখা আৰু সাধাৰণ প্ৰবন্ধৰ মাজত বহুত পাৰ্থক্য আছে ।' উন্মোচকৰ ভাষণত বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে আৰু কয় যে বৰ্তমান সময়ত আমি নিজকে অনুশীলন কৰিবলৈ আৰম্ভ কৰিছো আৰু সাংবাদিক নাথেও সেয়াই কৰিছে । তীব্ৰ আত্ম-বিশ্লেষণ, দ্বিধাহীন আত্মসমালোচনাৰে পৰিস্থিতি জুকিয়াইছে আৰু আমাকো উমান দিয়াৰ চেষ্টা কৰিছে । লেখকৰ প্ৰয়াস নিঃসন্দেহে প্ৰশংসনীয় ।

সমসাময়িক ঘটনাক্ৰমৰ ওপৰত আধাৰিত বিষয়বস্তুৰ ওপৰত লিখা মুঠ কুৰিটা স্তম্ভলেখাৰ সংকলন 'চলন্তিকা-২' উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড০ কিশোৰ মোহন ভট্টাচাৰ্য আৰু 'প্ৰথম খবৰ 24 ×7'ৰ মুখ্য সম্পাদক উৎপল বৰুৱা । দুয়োগৰাকী বিশিষ্ট অতিথিয়ে সাংবাদিক নাথৰ গ্ৰন্থখনৰ ওপৰত পৰ্যালোচনামূলক সমীক্ষা আগবঢ়ায় ।

উল্লেখযোগ্য যে, লেখিকা দৰ্শনা বৰুৱাই আঁত ধৰা আজিৰ উন্মোচনী অনুষ্ঠানৰ আৰম্ভণীতে লেখক-সাংবাদিক দিগন্ত কুমাৰ নাথে গ্ৰন্থখনৰ আঁৰৰ কথা প্ৰকাশ কৰে আৰু 'চলন্তিকা'ৰ দুয়োটা খণ্ডই সময়ৰ দস্তাবেজ হিচাপে পৰিগণিত হোৱাৰ আশা কৰে। গ্ৰন্থ উন্মোচনী সভাখনত কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিকৰ লগতে গণ্য-মান্য ব্যক্তি উপস্থিত আছিল ।

গুৱাহাটীৰ সমন্বয় প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ২০০ টকা । বিশিষ্ট চিত্ৰশিল্পী পদ্ম সিংহৰ দৃষ্টিনন্দন প্ৰচ্ছদসহ প্ৰকাশিত সাংবাদিক গৰাকীৰ স্তম্ভলেখা সংকলনৰ এই দ্বিতীয় খণ্ডটিৰ পৃষ্ঠা সংখ্যা ১০৪ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in