চিৰাঙত ভাৰত ৰোৰেল লাইভলিহুড ফাউণ্ডেশ্যনৰ সহযোগত কৰ্মশালা

চিৰাঙত ভাৰত ৰোৰেল লাইভলিহুড ফাউণ্ডেশ্যনৰ সহযোগত কৰ্মশালা

author-image
Asomiya Pratidin
New Update
চিৰাঙত ভাৰত ৰোৰেল লাইভলিহুড ফাউণ্ডেশ্যনৰ সহযোগত কৰ্মশালা

ডিজিটেল সংবাদ,চিৰাংঃ বিটিচি প্ৰশাসনৰ উদ্যোগত আৰু ভাৰত ৰোৰেল লাইভলিহুড ফাউণ্ডেশ্যনৰ সহযোগত ২৯ এপ্ৰিল সোমবাৰৰ পৰা চাপাগুৰীস্থিত হোটেল ছিগনেটত "মানুহৰ জীৱন উন্নীতকৰণৰ বাবে সংহত ব্যৱস্থাপনাৰ সৈতে বৈচিত্ৰ্য" শীৰ্ষক বাৰ্ষিক কৰ্ম পৰিকল্পনাৰ এখনি ৩ দিনীয়া কৰ্মশালা অনুষ্ঠিত হয়।

Advertisment

বিটিআৰ এলেকাৰ গ্ৰাম্য অঞ্চলত বসবাস কৰা লোকৰ জীৱনশৈলীক অধিক উন্নিতকৰণ কৰিবলৈ বৈচিত্ৰময় কৃষিভিত্তিক কৰ্ম বা অন্যান্য চৰকাৰী আঁচনিৰ জৰিয়তে আৰ্থিক দিশত স্বচ্ছলতা অনাৰ লক্ষ্যৰে কৰ্মশালাৰ আয়োজন কৰা হয়।

এই কৰ্মশালাত বিটিআৰৰ গ্ৰাম্য জীৱন জীৱিকাৰ উন্নিতকৰণৰ হকে কাম কৰি অহা কৃষি বিভাগ,মীন বিভাগ,বনবিভাগ,ৰেচমপাম বিভাগ,জিলা গ্ৰামোন্নয়ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ উপৰি তৃণমূল পৰ্যায়ত এই সংক্ৰান্তত কাম কৰি অহা অসমৰ আগশাৰীৰ পাঁচটাকৈ স্বেচ্ছাসেৱী সংগঠনৰ অৰ্দ্ধ শতাধিক যুৱক যুৱতী উপস্থিত থাকে।

কৰ্মশালাত বিগত বছৰত বিটিআৰ ৰ ওদালগুৰী আৰু বাক্সা জিলাত কামৰ খতিয়ান দাঙি ধৰা হয়। উক্ত খতিয়ান সন্দৰ্ভত বিশেষভাৱে এমজিএনৰেগা আঁচনিৰ সফল ৰূপায়ণ ক্ষেত্ৰত বিশদ আলোচনা কৰা হয়। এই কৰ্মশালাৰ জৰিয়তে আগন্তুক দিনবোৰত কেনেদৰে কাম কৰিলে গ্ৰাম্য সমাজৰ জনসাধাৰণ অধিক উপকৃত হ'ব তাৰ ওপৰত লক্ষ্য ৰাখিয়েই বাৰ্ষিক কৰ্ম পৰিকল্পনা যুগুত কৰা হ'ব বুলি আয়োজক সমিতিয়ে সদৰি কৰে।

Also Read: দিচাংপানীত ONGC ৰ তৈল-গেছ পৰিবাহী পাইপ ফুটি নিৰ্গত তেল-গেছ

Bharat Rural Livelihood Foundation chirang