দিচাংপানীত ONGC ৰ তৈল-গেছ পৰিবাহী পাইপ ফুটি নিৰ্গত তেল-গেছ

দিচাংপানীত ONGC ৰ তৈল-গেছ পৰিবাহী পাইপ ফুটি নিৰ্গত তেল-গেছ

author-image
Asomiya Pratidin
New Update
দিচাংপানীত  ONGC ৰ তৈল-গেছ পৰিবাহী পাইপ ফুটি নিৰ্গত তেল-গেছ

ডিজিটেল সংবাদ,চৰাইদেউঃ মঙলবাৰে পুৱা দিচাংপানী ONGC ৰ বিএম 11 তেলখাদৰ পৰা লাকুৱা ৮ নং জিজিএচ লৈ তেলগেছ পৰিবাহী পাইপ ফুটি তেলগেছ নিৰ্গত হৈ দিচাং নৈত পৰে। ফলত নৈত থকা কণীযুক্ত মাছৰ লগতে অন্য জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি আহি পৰিছে।

Advertisment

সদাব্যস্ত অভয়পুৰ চেপন সংযোগী পথৰ দিচাং নৈৰ দিচাংপানী দলঙৰ লগত থকা পাইপ ফুতি তেলগেছ নিৰ্গত হোৱা সন্দৰ্ভত স্থানীয় লোকে কয় যে,একমাত্ৰ প্ৰতিকূল বতৰৰ বাবে দিচাংপানী শ্যাম গাঁও ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিছে। ঘটনাস্থলিত ONGC ৰ লোক উপস্থিত হৈ মেৰামতি কৰাৰ চেষ্টা কৰিছে যদিও সম্পূৰ্ণ বন্ধ কৰিব পৰা নাই।

Also Read: গুৱাহাটীত বৃদ্ধাশ্ৰমৰ আৱাসীৰ বাবে বিনামূলীয়া চিকিৎসা শিবিৰ

charaideo ONGC OIL PIPE LEAKAGE ONGC news