অসম কৃষি বিশ্ববিদ্যালয়ত দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় কর্মশালা

অসম কৃষি বিশ্ববিদ্যালয়ৰ-উত্তৰ পূৱ কৃষি জৈৱ প্ৰযুক্তি-বিদ্যা কেন্দ্ৰৰ উদ্যোগত যোৰহাটস্থিত মূল চৌহদত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে কৰ্মশালা।
অসম কৃষি বিশ্ববিদ্যালয়ত দুদিনীয়া  আন্তঃৰাষ্ট্ৰীয় কর্মশালা

ডিজিটেল সংবাদ, যোৰহাট: অসম কৃষি বিশ্ববিদ্যালয়ৰ-উত্তৰ পূৱ কৃষি জৈৱ প্ৰযুক্তি-বিদ্যা কেন্দ্ৰৰ উদ্যোগত যোৰহাটস্থিত মূল চৌহদত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে কৰ্মশালা। কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলৰ বাবে কৃষিৰ উদ্ভাৱনৰ অৰ্থে কৃষি প্রযুক্তি উদ্যোগ আৰু ষ্টাৰ্ট - আপ ' শীর্ষক দুদিনীয়া ৰাষ্ট্ৰীয় বিজ্ঞান কৰ্মশালা আৰম্ভ হৈছে । কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি কৰ্মশালাখন আয়োজন কৰা হৈছে ।

দুদিনীয়া কৰ্মশালাখনত কেৰিয়াৰৰ মানে কৃষি উদ্যমিতাৰ সম্ভাৱনা আৰু ইয়াৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰা হ'ব ৷ ইয়াৰোপৰি দেশজোৰা কৃষি - প্রযুক্তি ষ্টাৰ্ট আপসমূহৰ বাবে উদ্ভাৱন আৰু উপায় , আৰু গোলকীয় বজাৰৰ বাবে ষ্টাট - আপসমূহ উন্নীতকৰণ সম্পর্কতো কেইবাজনো দেশ আৰু বিদেশৰ বিশেষজ্ঞই আলোচনা আগবঢ়াব । কৰ্মশালাখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড: বিদ্যুৎ চন্দন ডেকাই চৰকাৰী আৰু বিশ্ববিদ্যালয়ৰ নীতিৰ লগত সংগতি ৰাগি কৃষি উদ্যমিতাৰ বিষয়ত কর্মশালাখন আয়োজন কৰাতো এক সময়োচিত পদক্ষেপ বুলি মন্তব্য কৰে আৰু কৰ্মশালায়নৰ সফলতা কামনা কৰে ।

ব্রাজিলৰ জিনীয়ভাবে অভিযান্ত্ৰিক শস্যৰ বিপনণৰ লগত জড়িত বিশেষজ্ঞ ড ° ফ্রন্সিছকা জ'চ লিমা আৰাগৱ আৰু ভাৰত চৰকাৰৰ বায়টেক কঞ্চৰছিয়াম ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্য্যবাহী বিষয়া ড ° পূর্ণিমা শৰ্মা আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানগুৰু ড: জয়ন্ত ডেকায়ো বক্তব্য আগবঢ়ায়।পুনাৰ কেনবায়'ছিছৰ চেয়াৰমেন ড° সন্দ্বীপ কানিটকাৰ আৰু কইম্বাট'ৰস্থিত তামিলনাড়ু কৃষি বিশ্ববিদ্যালয়ৰ কৃষি - বাণিজ্য উন্নয়ণৰ সঞ্চালক ড ° ঈ , সোমাসুন্দৰমো অনুষ্ঠানত উপস্থিত থাকে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অনলাইনযোগে ড: অমিতাভ মহান্তিয়ে বক্তব্য আগবঢ়ায়।

আয়োজক সমিতিৰ সভাপতি তথা কৰ্মশালাৰ সঞ্চালক আৰু কেন্দ্ৰ সঞ্চালক ড ° বিদ্যুৎ কুমাৰ শৰ্মাই সকলো বিশেষজ্ঞ আৰু অংশগ্ৰহণকাৰসকলক কৰ্মশালাখনলৈ আদৰণি জনাই কয় যে বর্তমান দেশৰ প্ৰায় ৭৩,০০০ ষ্টাৰ্ট - আপৰ ভিতৰত কৃষি - ভিত্তিক ষ্টাৰ্ট- আপৰ সংখ্যা মাত্র ১,০০০ টা , আৰু এই সংখ্যা যথেষ্ট নহয় । অনুষ্ঠানৰ সামৰণিত কৃষি প্ৰযুক্তিবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপক ড ° মহেন্দ্ৰ কুমাৰ মোদীয়ে শলাগৰ শৰাই আগবঢ়ায় । উল্লেখযোগ্য যে এই কর্মশালাখনত দেশৰ ৫০ গৰাকী স্নাতকোত্তৰ আৰু পী এইচ ডী পাঠ্যক্ৰমৰ ছাত্র - ছাত্রী , পাষ্টডক্টৰেল গৱেষক , নতুন বিজ্ঞানী আৰু কৃষি উদ্যমিয়ে অংশগ্রহণ কৰিছে ।

আৰু পঢ়ক: নামৰূপত বনৰীয়া হাতীৰ উপদ্ৰপ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in