বৰুৱাহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উন্নীতকৰণৰ কামৰ শুভাৰম্ভণি...

বৰুৱাহোলা উচ্চ মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ কৰাত বুধবাৰে বিদ্যালয়ৰ প্রাঙ্গনত শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
বৰুৱাহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উন্নীতকৰণৰ কামৰ শুভাৰম্ভণি...

বৰুৱাহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়

ডিজিটেল সংবাদ, চাবুৱাঃ বৃহত্তৰ বৰুৱাহোলা অঞ্চলৰ দীৰ্ঘদিনীয়া শৈক্ষিক সমস্যা সমাধান হোৱাৰ পিছতেই এতিয়া ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, স্থানীয় ৰাইজসকল উৎফুল্লিত হৈ পৰিছে । বিদ্যালয়খনৰ বহুদিনীয়া সমস্যাৰ সমাধানৰ বাবে বিধায়ক বৰুৱাই তৎপৰতাৰে কাম হাতত লৈছে ।

Advertisment

ইয়াৰ পিছতেই বৰুৱাহোলা উচ্চ মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ কৰাত বুধবাৰে বিদ্যালয়ৰ প্রাঙ্গনত শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। ১৯৮৫ চনতে স্থাপিত হোৱা বিদ্যালয়খনৰ এই শুভাৰম্ভণি অনুষ্ঠানত চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা উপস্থিত থাকি উচ্চ মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণৰ কামৰ শুভাৰম্ভণি কৰে।

দিনৰ ১১ বজাত অনুষ্ঠিত শুভাৰম্ভণি সভা খনত বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰণৱজ্যোতি সেনাপতি, কবি হিতেশ গগৈ, প্ৰাক্তন শিক্ষক লক্ষীকান্ত শইকীয়া, লক্ষীন্দ্ৰ দাস, অনিলা শইকীয়াকে ধৰি ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, স্থানীয় ৰাইজ উপস্থিত থাকে । উপস্থিত ৰাইজে এনে পদক্ষেপক সকলোৱে একেমুখে সলাগ লৈছে ।

Also Read: চাবুৱাৰ বিহু আখৰাস্থলীত মন্ত্ৰী বিমল বৰা...

#boruahula