চাবুৱাৰ বিহু আখৰাস্থলীত মন্ত্ৰী বিমল বৰা...

বিহুৰ বিশ্ব অভিলেখ গঢ়াৰ বাবে এতিয়া অসমৰ চৌদিশে দেখা গৈছে ব্যাপক প্ৰস্তুতি

author-image
Asomiya Pratidin
New Update
চাবুৱাৰ বিহু আখৰাস্থলীত মন্ত্ৰী বিমল বৰা...

ডিজিটেল সংবাদ, চাবুৱা: বিহুৰ বিশ্ব অভিলেখ গঢ়াৰ বাবে এতিয়া অসমৰ চৌদিশে দেখা গৈছে ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ প্ৰতিখন জিলাতেই বিহুৱা-বিহুৱতি সকলে ইতিমধ্যেই আৰম্ভ কৰিছে আখৰা। গাঁৱে-ভূঞে ডেকা-গাভৰু সকল ব্যস্ত হৈ পৰিছে বিহুৰ আখৰাত।

Advertisment

সমগ্ৰ অসমৰ লগতে চাবুৱাতো অব্যাহত আছে বিহুৰ আখৰা। আখৰা স্থলীত দুশৰো অধিক বিহুৱা-বিহুৱতীৰ আখৰা কৰি থকাৰ মাজতে আজি আখৰাস্থলিত উপস্থিত হয় সাংস্কৃতিক মন্ত্ৰী বিমল বৰা। মন্ত্ৰী গৰাকীৰ লগতে বিহু স্থলীত উপস্থিত থাকে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা।

বিহু স্থলীত উপস্থিত হৈ আখৰাৰ বুজ লোৱাৰ লগতে মন্ত্ৰী গৰাকীয়ে উপভোগ কৰে বিহুৰ আখৰা। উল্লেখ্য যে, চাবুৱাৰ দুশ বিহুৱা-বিহুৱতিয়ে বিশ্ব অভিলেখত অংশগ্ৰহন কৰিব।

Also Read: বিতৰ্কই লগ এৰা নাই "অষ্টম অসম ৰাজ্যিক চলচ্চিত্র বঁটা"ক!

chabua