/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/df6a2308-d926-4502-98f6-e549ee61cc7b/4.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ নাৰী দিৱস উপলক্ষে দৰং জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত পশ্চিম মঙ্গলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত সৰু খেলো ইণ্ডিয়া প্ৰশিক্ষন কেন্দ্ৰৰ সহযোগত পশ্চিম ৰঙামাটি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ খেল পথাৰত শনিবাৰে ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতা অনুস্থিত কৰা হয়।
উক্ত প্ৰতিযোগিতাত আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ সোণৰ পদক প্ৰাপ্ত কবিতা দেৱী, জিলা ক্ৰীড়া বিভাগৰ শাৰীক নিৰ্দেশক কুমুদ বৰা, নেহেৰু যুৱ কেন্দ্ৰৰ NYV দিব্য জ্যোতি ডেকা, খেলো ইণ্ডিয়া প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষক অতাব আলি ।
প্ৰায় শতাধিক মহিলাই অংশ গ্ৰহণ কৰা দৌৰ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে প্ৰেৰণা ভৰদ্বাজ,দ্বিতীয় মনালিছা বৰুৱা আৰু তৃতীয় স্থান লাভ কৰে মনীষা ডেকাই।শেষত সন্মানীয় আমন্ত্ৰিত অতিথিসকলৰ সহযোগত ক্ৰীড়া বিদসকলক বঁটা প্ৰদান কৰি সফল সামৰণি ঘটোৱা হয়।