বালাজানত আত্মসহায়ক গোটক চেক প্ৰদান প্ৰমোদ বড়োৰ

বালাজানত আত্মসহায়ক গোটক চেক প্ৰদান প্ৰমোদ বড়োৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বালাজান তিনিআলীত হল্টুগাঁৱত শনিবাৰে বিটিআৰ চৰকাৰৰ উদ্যোগত ''মাইনাও স্বৌৰাং বিথাংকি'' আঁচনিৰ অধীনত বিটিআৰৰ ১৬ টা পৰিষদীয় সমষ্টিৰ ১৭৮৮ টা আত্মসহায়ক গোটক ২৫ হাজাৰ টকাকৈ চেক প্ৰদান কৰা হয় । এই উপলক্ষে বালাজান তিনালীত অনুষ্ঠিত হোৱা বিশাল জনসভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে আত্মসহায়ক গোটৰ মাজত আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে।

নিজ ভাষণ প্ৰসংগত তেওঁ কয় যে আজিৰ দিনটো মহিলা সবলীকৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য দিন হিচাপে বিবেচিত হৈ ৰ'ব। এটা সময়ত এই অঞ্চলত মহিলাসকলে আটাইতকৈ বেছি নিৰ্যাতনৰ বলি হৈছিল । ক্ষমতা লাভ কৰাৰ পিছত পৰিবৰ্তন কৰাটো জৰুৰী আছিল যদিও পৰিৱেশ সলনি কৰাৰ বাবে হাগ্ৰামা মহিলাৰীয়ে কোনো চিন্তা নকৰিলে। হাগ্ৰামাই অকল ৰাজনৈতিক লাভালাভৰ বাবেহে চিন্তা কৰিছিল । কিন্তু আমি ক্ষমতা লাভ কৰাৰ পিছতে পৰিৱেশ সলনি কৰাৰ বাবে প্ৰচেষ্ঠা চলালো । এয়া আমাৰ কৰ্তব্য আছিল । শান্তি প্ৰতিষ্ঠা আমাৰ সপোন আছিল , উৰ্খাও গৌৰা ব্ৰহ্মই আমাক নেৰ্তৃত্ব দিছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বন্যনতাত শান্তি চুক্তি হ'ল আৰু অঞ্চলটোলৈ শান্তি ঘূৰি আহিল বুলি তেওঁ উল্লেখ কৰে।

ভাষণত তেওঁ কয় যে এতিয়া মা/বাইদেউহতে ভয় কৰিব লগা একো নাই । বিপিএফ চৰকাৰে তিনিবাৰ ক্ষমতালৈ আহিও শান্তি আৰু নিৰাপত্তা নিদিলে। কিন্তু জনতাই যেতিয়াই বিজেপি আৰু ইউপিপিএলৰ চৰকাৰ শাসনলৈ আনিলে তেতিয়াৰে পৰাই বিজেপি- ইউপিপিএলে পৰিৱেশ সলনি কৰিলে। অঞ্চলটোলৈ শান্তি ঘূৰি আহিল। দূৰ্নীতি ভ্ৰষ্টাচাৰ দাদাগিৰি নোহোৱা হ'ল । সবকে সাথ সবকা বিকাশ হ'ল । যিকোনো ত্যাগৰ বিনিময়ত শান্তি অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দি প্ৰমোদ বড়োই বিটিআৰৰ শান্তি -উন্নয়ন আৰু প্ৰগতিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ।

ইপিনে আত্মসহায়ক গোটবোৰক ২৫ হাজাৰকৈ তিনিটা কিস্তি অৰ্থাৎ মুঠ ৭৫ হাজাৰ দিয়া হ'ব বুলি ঘোষণা কৰিছে প্ৰমোদ বড়োৱে। তদুপৰি প্ৰথমবাৰৰ বাবে বিটিচিৰ ৪০ টা সমষ্টিত অকল মহিলাৰ বাবে ৪০ টা উচ্চমানবিশিষ্ট গুদামঘৰ আৰু টয়লেটযুক্ত বজাৰগৃহ নিৰ্মান কৰা হ'ব বুলি সদৰি কৰি এনে বজাৰগৃহ কতোৱেই নিৰ্মান হোৱা নাই আৰু বিটিআৰ এইক্ষেত্ৰত প্ৰথম হ'ব বুলি সদৰি কৰিছে প্ৰমোদ বড়োৱে । তদুপৰি বিটিআৰত ১৩৩০০০ গৰাকী বাইদেউ লাখপতি হ'ব বুলি ঘোষণা কৰি প্ৰমোদ বড়োৱে কয় যে ইতিমধ্যে ১০ হাজাৰ লাখপতি বাইদেউৰ তালিকা সাজু হৈছে আৰু নিৰ্বাচনী আচৰণবিধি উঠি যোৱাৰ পিছতে ইয়াৰ বাবদ ১০০ কোটি টকা খৰচ কৰা হ'ব । এইবছৰৰ শেষৰ ফালে পুনৰাই ১৫০০০ মহিলাক লাখপতিৰ বাবে নিৰ্বাচিত কৰা হ'ব বুলিও সদৰি কৰে প্ৰমোদ বড়োৱে ।

উল্লেখ্য যে আজিৰ চেক বিতৰণি অনুষ্ঠানত কেবা সহস্ৰাধিক হিতাধিকাৰী উপস্থিত থকাৰ লগতে ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী , বিধায়ক লৰেঞ্চ ইছলাৰী আদিকে ধৰি বিটিচিৰ কেবাগৰাকী পাৰিষদ উপস্থিত আছিল ।

বালাজানত আত্মসহায়ক গোটক চেক প্ৰদান প্ৰমোদ বড়োৰ
মঙলদৈ সনাতন ধৰ্মসভাৰ উদ্যোগত বিশিষ্ট অধিবক্তা লক্ষ্মীকান্ত শইকীয়াৰ স্মৃতিচাৰণ সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in