নামৰূপৰ বিবি মহন্তলৈ 'সামাজিক প্ৰেৰণা' সন্মান

নামৰূপৰ বিবি মহন্তলৈ 'সামাজিক প্ৰেৰণা' সন্মান

ডিজিটেল সংবাদ, নামৰূপঃ বিশ্ব নাৰী দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থা ৰাষ্ট্ৰীয় মানৱ অধিকাৰ নিয়ন্ত্ৰণ ব'ৰ্ডে নামৰূপৰ বিশিষ্ট কবি সমাজ সংগঠক বিবি মহন্তক তেখেতৰ সমাজৰ প্ৰতি কৰা দীঘলীয়া শ্ৰম, ত্যাগ আৰু মহানুভৱতাৰ বাবে ৯ মাৰ্চ শনিবাৰে তেখেতৰ নিজ আৱাসত মহিলা সামাজিক প্ৰেৰণা সন্মান প্ৰদান কৰে ।

এই খবৰে নামৰূপবাসীক উৎফুল্লিত কৰাৰ লগতে গৌৰৱান্বিত কৰিছে। জিলা ভিত্তিক এই সন্মান যাচিবলৈ সংস্থাৰ জিলা আৰু কেন্দ্ৰীয় বিষয়ববীয়া বিবি মহন্তৰ আৱাসত উপস্থিত হৈ আনুষ্ঠানিকভাৱে এই সন্মান প্ৰদান কৰে।

এই উপলক্ষে আয়োজন কৰা সভাখনত সংগঠনটোৰ ক্ৰমে ডিব্ৰুগড় জিলাৰ সভাপতি প্ৰতিভা খনিকৰ, নাহৰকটীয়া ব্লকৰ সভাপতি সূৰয গোহাঁই ৰংছোৱাল, সাংস্কৃতিক কৰ্মী গণেশ দাস, পদ্মজা সোণোৱাল, ৰত্নেশ্বৰ গোৱালা উপস্থিত থকাৰ লগতে নামৰূপৰ বিশিষ্ট ব্যক্তি তথা নামৰূপ মহাবিদ্যাল়ৰ অধ্যক্ষ ডঃ দুৰ্গা গগৈ, নামৰূপ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যাল়যৰ অধ্যক্ষা স্মৃতি দত্ত বৰা, অণিমা বৰুৱা দেউৰী, কাৰ্তিক তালুকদাৰ বিকল্প বাইলুং ফুকন আদি বহু গুণী জ্ঞানী ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে অনুষ্ঠানটিৰ ব্যবস্থাপনা কৰে বিশিষ্ট সমাজ সেৱিকা তথা বিবি মহন্তৰ পুত্ৰ বধু ৰীমা মহন্ত আৰু বিশিষ্ট ব্যৱসায়ী সৌমিন মহন্তই ।

নামৰূপৰ বিবি মহন্তলৈ 'সামাজিক প্ৰেৰণা' সন্মান
হৰিনামৰ ধ্বনিৰে মুখৰিত ৰঙিয়াৰ মধুকুছিৰ নামধৰ্ম সমাজ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in