/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/6d780e31-e337-4342-bee0-7622991c7ea6/9.jpg)
ডিজিটেল সংবাদ, ৰঙিয়াঃ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল ৰঙিয়াৰ মধুকুছিৰ নামধৰ্ম সমাজৰ ৬ষ্ঠ বাৰ্ষিক গুৰু আসন প্ৰতিষ্ঠাত নামঘৰৰ প্ৰাংগন । পুৱাৰে পৰা আইমাতৃসকলৰ নাম কীৰ্তন আৰু ভকত বৈষ্ণৱৰ ভাগৱত পাঠেৰে অনুষ্ঠিত হোৱা বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ পুৱা পৰিৱেশ নিকাকৰণ, প্ৰাতঃ প্ৰসংগ, গছপুলি ৰোপণ, ভাগৱত পাঠ আৰু আবেলি ৩ বজাত আমন্ত্ৰিত অতিথিৰ সম্বৰ্ধনা আৰু সন্ধিয়া ৬ বজাত সমূহীয়া বন্তি প্ৰজ্বলন অনুষ্ঠিত হয় ।
প্ৰজ্বলক হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক নয়নজ্যোতি তালুকদাৰ, সমাজকৰ্মী অংকুৰ দাস,কোচ ৰাজবংশী সন্মিলনীৰ সম্পাদক পবিত্ৰ ৰাজবংশী,দয়াৰাম ৰাজবংশীকে ধৰি কেইবাগৰাকীও গণ্য মান্য ব্যক্তি। আনহাতে নিশা মহিলা পাঠিকাদ্বয় ডিমু হেলচাৰ লভিতা দাস আৰু ৰামপুৰৰ অনুপ্ৰভা ৰাজবংশীৰ নাম পৰিৱেশনেৰে প্ৰতিষ্ঠা দিৱসৰ সামৰণি পৰিব বুলি সম্পাদক মাধৱ ৰাজবংশীয়ে জনায় । নামদল উদ্বোধন কৰিব বিহদিয়া জাঁজিকোণা ব্লকৰ সভাপতি উমেশ ডেকাই ।
ইফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ,অসমৰ ১ হচং প্ৰাথমিক শাখাৰ উদ্যোগত দুদিনীয়াকৈ ৬ষ্ঠ বাৰ্ষিক গুৰু আসন প্ৰতিষ্ঠা আৰু ভাগৱত পাঠ অনুষ্ঠিত হয় । ৰঙিয়াৰ মধুকুছিৰ ১ নং হচংৰ শংকৰ মাধৱ নামঘৰত ৮ আৰু ৯ মাৰ্চত অনুষ্ঠিত হোৱা গুৰু আসন প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি প্ৰাক্তন এমচিএল এ মহেশ্বৰ বসুমতাৰীয়ে নামধৰ্ম সমাজৰ ধৰ্মীয় চিন্তা চৰ্চা তথা সমাজত আধ্যাত্মিক পৰিৱেশৰ গতিধাৰাত গুৰুজনাৰ বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰতা ওপৰত আলোকপাত কৰে ।
ইফালে প্ৰথম দিনা কাৰ্যসূচী অনুসৰি পুৱা প্ৰাতঃ প্ৰসংগ, তাৰ পিছত ৭ বজাত ধৰ্মধব্বজা উত্তোলন কৰে ১নং হচং প্ৰাথমিক শাখাৰ সভাপতি কীৰ্তিৰাম ৰাজবংশীয়ে, ভাগৱত পাঠৰ পিছত দিনৰ ১২ বজাত লঘু আহাৰ, প্ৰসাদ বিতৰণ, আবেলি ১:৩০ বজাত কণ কণ লৰা ছোৱালীৰ দ্বাৰা নাচ গান, কৌতুক অভিনয় প্ৰতিযোগিতা,নিশা নাগাৰা নামৰ পৰিৱেশন কৰে ।
Also Read: ৰঙিয়া মূৰাৰা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন