কাবন টেৰণপীক আদৰ্শ নাৰীৰ সন্মান প্ৰদান

আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে জনপ্ৰিয় বিশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ'ৰ মাতৃ কাবন টেৰণপীক আদৰ্শ নাৰীৰ সন্মান প্ৰদান কৰা হয় ।

author-image
Asomiya Pratidin
New Update
কাবন টেৰণপীক আদৰ্শ নাৰীৰ সন্মান প্ৰদান

ডিজিটেল সংবাদ, হাওৰাঘাটঃ আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে জনপ্ৰিয় বিশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ'ৰ মাতৃ কাবন টেৰণপীক আদৰ্শ নাৰীৰ সন্মান প্ৰদান কৰা হয় । পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাৰ তৰাডুবিৰ তেওঁৰ বাসগৃহত অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব কৰে তৰাডুবি শাখা কবি সন্মিলনৰ সভানেত্ৰী মঞ্জুৰী ছেত্ৰীয়ে।

Advertisment

সন্মিলনৰ সাধাৰণ সম্পাদিকা বিনীতা লস্কৰে আতঁ ধৰা সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে কাবন টেৰণপীয়ে। সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে বিশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ, তেওঁৰ সহধৰ্মিনী সুমন টেৰণপী , ৰাণা কাফলে , বাপন ক্ৰ, মিনাৰাম বৰা , কল্পনা দেৱী , খগেন দাৰফাং, নাৰায়ণ ভাণ্ডাৰী , পূজামণি শইকীয়া , বিষ্ণু নিৰোলা আদিকে ধৰি কাবন টেৰণপীৰ পৰিয়াল বৰ্গ ।

এই সভাতে তৰাডুবি শাখা কবি সন্মিলনৰ তৰফৰ পৰা আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি তৰাডুবি নিবাসী প্ৰয়াত ৰাজেন ক্ৰ'ৰ সহধৰ্মিণী কাবন টেৰণপীক ' আদৰ্শ নাৰী ' ৰ সন্মান প্ৰদান কৰা হয়। কামিৰ ক্ৰ'পী , কৰবী ক্ৰ'পী, জনপ্ৰিয় বিশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ, সুৰভী ক্ৰ'পী, আৰু ৰিমা ক্ৰ'পীৰ মাতৃ কাবন টেৰণপীক ফুলাম গামোচা , চেলেং চাদৰ আৰু সম্বৰ্ধনা পত্ৰৰে ' আদৰ্শ নাৰী ' ৰ সন্মান প্ৰদান কৰে ।

অনুষ্ঠানত তৰাডুবি এম.বি হাইস্কুলৰ হিন্দী শিক্ষয়িত্ৰী তথা কবি সন্মিলনৰ কোষাধ্যক্ষ কল্পনা দেৱীয়েও ব্যক্তিগত ফালৰ পৰা তিৱা ফালিৰে বৰমাকক আদৰ্শ নাৰীৰ সন্মান জনায়। অনুষ্ঠানত তেখেতৰ জীৱন পঞ্জী পাঠ কৰে সম্পাদিকা বিনীতা লস্কৰ আৰু সম্বৰ্ধনা পত্ৰ পাঠ কৰে কোষাধ্যক্ষা কল্পনা দেৱীয়ে।

ইয়াৰ পাছতে অনুষ্ঠানত কবি সন্মিলনৰ বিশিষ্ট কবি কল্পনা দেৱী , বাপন ক্ৰ, বিচনু নিৰোলা , বিনীতা লস্কৰ, নাৰায়ণ ভাণ্ডাৰীয়ে স্বৰচিত কবিতা পাঠ কৰে আৰু মিনাৰাম বৰাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ গীত পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে ।

Also Read: নামৰূপৰ বিবি মহন্তলৈ 'সামাজিক প্ৰেৰণা' সন্মান

hauraghat international women's day