/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/9a73d540-6961-4dda-9f0c-f5bd9a8c07b2/vvdvc.jpg)
ডিজিটেল ডেস্কঃ কিমান নিষ্ঠুৰ হ'লে এগৰাকী মাতৃয়ে ৰাজপথত অকলে এৰি যাব পাৰে সন্তানক। এনে এক ঘটনাই সংঘটিত কৰিছে এগৰাকী পাষণ হৃদয়ৰ মাতৃয়ে। দুই সন্তানক এৰি পলাল মাতৃ। এই সমগ্ৰ ঘটনা বন্দী হৈছে চিচিটিভিত।
চিচিটিভি ফুটেজত দেখা হৈছে যে এগৰাকী মহিলাই এখন গেটৰ সন্মুখত দুই সন্তানক নমাই থৈ পলায়ন কৰে। জানিব পৰা মতে ৰূপহীহাটৰ গেৰেকী গাঁৱৰ আজিবুৰ ৰহমান নামৰ লোকজনে নিজৰ পত্নী চালেহা খাতুনসহ দুই সন্তানক লৈ গৈছিল দিল্লীলৈ।
স্বামী-স্ত্ৰী কৰ্মেসূত্ৰে গৈছিল দিল্লীলৈ। দিল্লীৰ পৰাই পলায়ন কৰে মাতৃয়ে। এতিয়া স্বামী দুই সন্তানকলৈ বিপাঙত পৰিছে আৰু পত্নীক বিচাৰি হাবাথুৰি খাইছে। উপায়ন্তৰ হৈ ঘৰলৈ উভতি আহি ৰূপহীহাট আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ। কিন্তু এতিয়ালৈকে সন্ধান পোৱা নাই মহিলাগৰাকীৰ।
Also Read: মণিপুৰত বুজন সংখ্যক অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ