বটদ্ৰৱাৰ ন-মাটি গাঁৱৰ মহিলাই পৰিৱেশন কৰিলে "চিত্ৰাংগদ ৰজাৰ ধৰ্ম পৰীক্ষা" শীৰ্ষক ভাওনা...

বটদ্ৰৱাৰ ন-মাটি গাঁৱৰ মহিলাই পৰিৱেশন কৰিলে "চিত্ৰাংগদ ৰজাৰ ধৰ্ম পৰীক্ষা" শীৰ্ষক ভাওনা...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰ অন্যতম হৈছে ভাওনা। ভাওনাৰ জৰিয়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ভাঙোনমুখী অসমীয়া সমাজখনক একত্ৰিত কৰাৰ চেষ্টা চলাইছিল। এই ক্ষেত্ৰত তেওঁলোক সফলো হৈছিল। সেইবাবে আজিও ভাওনা অসমৰ সমাজখনত এক বিশেষ স্থান লাভ কৰি আছে ।

পূৰ্বতে এই ভাওনাত কেৱল পুৰুষসকলেহে অংশগ্ৰহণ কৰিছিল যদিও সময় বাগৰাৰ লগে লগে ইয়াত মহিলাসকলৰো প্ৰৱেশ ঘটিবলৈ ধৰিলে। বিগত সময়ত ৰাজ্য়খনৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈছে মহিলাৰ দ্বাৰা পৰিচালিত তথা অভিনীত ভাওনা।

ভাওনাৰ অধিক প্ৰসাৰ-প্ৰচাৰৰ উদ্দেশ্যেই সোমবাৰে নিশা বটদ্ৰৱাৰ ন-মাটি গাঁৱৰ মহিলা সকলে পৰিৱেশন কৰে "চিত্ৰাংগদ ৰজাৰ ধৰ্ম পৰীক্ষা"। ন-মাটি চাৰিআলিৰ ৰংগমঞ্চত অনুষ্ঠিত ভাওনা খনি শুভ উদ্বোধন কৰে অসম হাইস্কুল শিক্ষক সন্থাৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক যজ্ঞেশ্বৰ ৰাজখোৱা আৰু বিশিষ্ট সত্ৰীয়া শিল্পী ৰঞ্জিত মহন্তই।

বটদ্ৰৱাৰ ন-মাটি গাঁৱৰ মহিলাই পৰিৱেশন কৰিলে "চিত্ৰাংগদ ৰজাৰ ধৰ্ম পৰীক্ষা" শীৰ্ষক ভাওনা...
শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ সমষ্টিত আজিও প্ৰৱৰ্তিত পুৰণিকলীয়া শিক্ষা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in