আটকধুনীয়া ভৱনৰ মজিয়াত পাটি পাৰি গুৰুকুলৰ শিক্ষা আৰম্ভ কৰিছে নেকি শিক্ষামন্ত্ৰীৰ সমষ্টিত?

আটকধুনীয়া ভৱনৰ মজিয়াত পাটি পাৰি গুৰুকুলৰ শিক্ষা আৰম্ভ কৰিছে নেকি শিক্ষামন্ত্ৰীৰ সমষ্টিত?

ডিজিটেল সংবাদ, ঢকুৱাখনা : একবিংশ শতিকাৰ বুকুত মান্ধাতাযুগীয়া পদ্ধতিৰে পৰিচালিত এখন আদৰ্শ বিদ্যালয় । পৌৰাণিক দিনৰ টোলৰ দৰেই মজিয়াত ঢাৰি পাৰি আধুনিকতাৰ আদি পাঠ গ্ৰহণ কৰিব লাগে ছাত্ৰ ছাত্ৰী সকলে । পঢ়াৰ সময়ত মজিয়াত বহি আৰু লিখাৰ সময়ত মজিয়ালৈ হাউলি বিদ্যায়তনিক যাত্ৰা পথত কষ্ট সাধ্য গতি কৰিব লাগে শিক্ষাৰ্থী সকলে। শিক্ষাগুৰু সকলেও মজিয়াত বহি উৎকৃষ্ট মানৱ সম্পদ গঢ়াৰ দৈনিক কচৰৎ কৰিব লাগে ।

আপাতত কৰ্মসংস্থানহীন কোনো  লোকৰ চৰকাৰী বেতন ভোগৰ লালসাত প্ৰতিষ্ঠা কৰা বেচৰকাৰী বিদ্যালয় বুলি সৰ্বসাধাৰণৰ ধাৰণা হলেও  বাস্তৱিকতে সেই ধাৰণা ভুল । ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত প্ৰতিষ্ঠা হোৱা এখন আদৰ্শ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাস্তৱ ৰূপহে এয়া । ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ গৃহ সমষ্টিত এনেদৰেই উৎকৃষ্ট মানৱ সম্পদ গঢ়াৰ নিৰন্তৰ প্ৰয়াস আৰম্ভ হৈছে ।

নতুন শিক্ষা নীতি  আৰু ৰাজ্য চৰকাৰৰ আদৰ্শ বিদ্যালয়ৰ ধাৰণা পদপিষ্ট হোৱা এইখন বিদ্যালয়ৰ নাম মধুপুৰ বাগান উচ্চ মাধ্যমিক বিদ্যালয় । ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা এইখন চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ অন্তসাৰশূণ্য ফোঁপোলা স্বৰূপে শিক্ষা মন্ত্ৰী পেগুৰ অদক্ষ পৰিচালনাক অতি নিৰ্লজ ভাবে জনদৃষ্টিত প্ৰকট কৰিছে ।

ৰাজ্য চৰকাৰৰ খোদ শিক্ষা মন্ত্ৰী ডাঃ পেগুৰ গৃহ সমষ্টিৰ মধুপুৰ চাহ বাগান অঞ্চলত ২০২২ চনতে স্থাপিত হৈছিল মধুপুৰ বাগান আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়খন। লখিমপুৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদর্শকৰ কাৰ্যালয়ৰ অধীনৰ ঢকুৱাখনা শিক্ষা খণ্ডৰ অন্তৰ্গত এইখন আদৰ্শ বিদ্যালয়ৰ আদর্শহীন স্বৰূপ দেখিলে পুৰণি শিক্ষা গ্ৰহণ পদ্ধতি আৰু আধুনিক শিক্ষা গ্ৰহণ পদ্ধতিৰ মাজত কোনো বৈসাদৃশ্য দেখা পোৱা নাযায়। 

কেৱল আদৰ্শ বিদ্যালয় স্থাপনৰ নামত এটা বিশাল বিদ্যালয় গৃহ নিৰ্মাণ কৰিয়েই দায়িত্ব সামৰা ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ, লখিমপুৰ জিলা প্ৰশাসন আৰু জিলা শিক্ষা চক্ৰৰ চূড়ান্ত কাণ্ডজ্ঞাহীনতাৰ বাবে বৃহত্তৰ গ্ৰামাঞ্চলিয় অঞ্চলটোৰ শতাধিক ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱন বিপৰ্যস্ত হৈছে। নামত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় হিচাবে স্থাপন কৰি  কাৰ্যতঃ আদৰ্শহীন বিদ্যালয় হিচাবে বৰ্তাই ৰখাত অগ্ৰাধিকাৰ লৈছে শিক্ষা মন্ত্ৰী, উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত আৰু বিদ্যালয় সমূহৰ পৰিদৰ্শকে ।

দেখাত এটা সুদৃশ্যমান গৃহ নিৰ্মাণ কৰি ৰখা হৈছে যদিও আগফালে মাৰো দাং ,পাছফালে ধোবাং বাং অৱস্থাই গ্ৰাস কৰিছে সমগ্ৰ বিদ্যালয়খন। এখন বিদ্যালয়ত থাকিব লগা সকলো আন্তঃগাঁথনিৰে অভাৱ এইখন চৰকাৰী আদৰ্শ বিদ্যালয়ত। কণা হাঁহক পতান দিয়াদি চলিত বৰ্ষৰ জানুৱাৰী মাহত বিদ্যালয়খনৰ প্ৰধান শিক্ষক (অধ্যক্ষ) হিচাবে মীন কান্ত শইকীয়াক শিক্ষা বিভাগে বদলি সূত্ৰে নিযুক্তি দিলে ।

পৰৱৰ্তী সময়ত শিক্ষা বিভাগে ৭ গৰাকী সহকাৰী শিক্ষকক নিযুক্তি দিয়াৰ পাছত বিদ্যালয় প্ৰধান শইকীয়াই  যোৱা ১৩ জানুৱাৰীত লোকনিৰ্মান বিভাগৰ পৰা বিদ্যালয়খনৰ দায়িত্ব গ্ৰহণ কৰে। শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি নতুনকৈ নিৰ্মিত আদৰ্শ বিদ্যালয়খনৰ পাঠদান চলিত মাহৰ পৰা আৰম্ভ কৰা হৈছে ।  কিন্তু এজনো শিক্ষাৰ্থী নথকা বিদ্যালয়খনত দেখা দিয়া লাওলোৱা অৱস্থা দূৰ কৰিবলৈ শিক্ষাগুৰু সকলে অশেষ শ্ৰম আৰু ত্যাগ কৰি ষষ্ঠ, সপ্তম, অষ্টম আৰু নৱম শ্ৰেণীৰ বাবে ১১৪ গৰাকী শিক্ষাৰ্থী সমীপৱৰ্তী অঞ্চলৰ পৰা বিচাৰি আনি  নাম ভৰ্তি কৰাবলৈ সক্ষম হৈছে। 

কেৱল চৰকাৰী বেতন লবলৈ আশা পালি নাথাকি, শিক্ষা দানতে ব্যস্ত নহৈ, বিদ্যালয়ৰ বাবে  শিক্ষাৰ্থী সংগ্ৰহতো নামি পৰা শিক্ষাগুৰু সকলে শতাধিক শিক্ষাৰ্থী গোটাই গুণগত শিক্ষা প্ৰদানত ব্ৰতী হৈ আহিছে । শিক্ষাৰ্থী আহিল । পিছে অন্য একো নাহিল । অৰ্থাৎ এইখন তথাকথিত আদর্শ বিদ্যালয়ত এইসকল শিক্ষাৰ্থীৰ ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় চৰকাৰী ভাবে একো সম্পদ নাহিল ।

ছাত্ৰ ছাত্ৰী বহিবলৈ নাহিল বেঞ্চ । পঢ়িবলৈ নাহিল পাঠ্যপুথি । খাবলৈ নাহিল মধ্যাহ্ন ভোজন। পিন্ধিবলৈ নাহিল ইউনিফৰ্ম । লিখিবলৈ নাহিল ব্লেক বৰ্ড, কিতাপ থবলৈ নাহিল ডেস্ক । আক্ষৰিক অৰ্থতহে আদৰ্শ বিদ্যালয়ৰ স্বীকৃতি কঢ়িয়াই নিয়া এইখন শিক্ষানুষ্ঠানত শিক্ষক-শিক্ষাৰ্থী সকলোৰে বাবে নাই এপদো অতি প্রয়োজনীয় আন্তঃগাঁথনিৰ সামগ্ৰী  ।

"অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ পৰিদর্শন কালত এইখন আদৰ্শ বিদ্যালয়ৰ উলংগ স্বৰূপ প্ৰত্যক্ষ কৰা গল। বিদ্যালয়খনৰ প্ৰধান মীন কান্ত শইকীয়াই অভাৱ সমস্যাৰে ভাৰাক্ৰান্ত বিদ্যালয়খনৰ দুৰৱস্থা সন্দৰ্ভত জিলা প্ৰশাসন ,আই এছ সকলোকে অৱগত কৰা বুলিও জানিবলৈ দিলে ।

উল্লেখ্য যে শিক্ষাৰ্থী সকললৈ চৰকাৰী ভাবে যোগান ধৰিব লগীয়া বিনামূলীয়া সকলো সামগ্ৰীৰ পৰা বঞ্চিত এইখন বিদ্যালয়ত নিযুক্ত হোৱা নাই এগৰাকীও ৰান্ধনী  আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী । আদৰ্শ বিদ্যালয়ৰ নামত এক বৃহৎ কলংক হিচাবে থিয় দি থকা এইখন বিদ্যালয় পৰিচালনা কৰিবলৈ চৰকাৰী ভাবে অদ্যপি গঠন কৰা হোৱা নাই পৰিচালনা আৰু উন্নয়ন সমিতিও । পৰিণতিত আৱন্তন হোৱা নাই আন্তঃগাঁথনিৰ পুঁজি ।

ফলত প্ৰধান গৰাকীয়ে সহকাৰী শিক্ষক সকলৰ সতে আলোচনা কৰি নিজা সঞ্চিত প্ৰায় ৩ হাজাৰ পুঁজিৰে শিক্ষাৰ্থী বহিবলৈ  ক্ৰয় কৰি আনিছে ১৬ খন ঢাৰি । এইবোৰ ঢাৰি পকী মজিয়াত পাৰি মান্ধাতা যুগীয়া পদ্ধতিৰে শিক্ষা গ্ৰহণ কৰি আহিছে এইসকল নিৰ্বোধ শিক্ষাৰ্থীয়ে । ইয়াৰোপৰি শিক্ষক সকলৰ ব্যৱহাৰৰ বাবে অসম চাহ মজদূৰ সংঘই অস্থায়ী ভাবে আগবঢ়োৱা ২খন টেবুল আৰু ১৫ খন চকীকে ব্যৱহাৰ কৰি দৈনিক কৰ্তব্য সমাপন কৰি আহিছে শিক্ষাগুৰু সকলে ।

অন্যহাতে  বিদ্যালয়ৰ শ্ৰেণী বিৰতিৰ সংকেটৰ বাবে বিদ্যালয় মুৰব্বী শইকীয়াই মধুপুৰ বাগান কৰ্তৃপক্ষৰ কাষ চপাত জ্যেষ্ঠ প্ৰবন্ধক গৰাকীয়ে আগবঢ়োৱা ঘণ্টাৰে নিয়মিত বিদ্যালয় চলি আহিছে। এখন আদৰ্শ বিদ্যালয় পাতি পৰ্যাপ্ত আন্তঃ গাঁথনি উপলব্ধ নোহোৱাকৈ শিক্ষক নিযুক্তি দি কি অবিবেচকী নীতিৰে নতুন শিক্ষাবৰ্ষ আৰম্ভ কৰা হৈছে শিক্ষাৰ্থী সকলৰ শৈক্ষিক ভৱিষ্যত বিপন্ন কৰি তাক লৈ চিন্তিত অভিভাৱক ,শিক্ষাব্ৰতী ৰাইজ।

চাহ বাগিচা অঞ্চলৰ দৰিদ্ৰ শিক্ষাৰ্থী সকলৰ জীৱনকলৈ নিৰ্লজ হেতালি খেলি অহা শিক্ষামন্ত্ৰী ডাঃ পেগু, লখিমপুৰ জিলাৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত( শিক্ষা), বিদ্যালয় সমূহৰ পৰিদর্শকৰ এনে উদাসীন আৰু অবিবেচকী দৃষ্টিভংগীকলৈ ক্ষুব্ধ শিক্ষাসদী সমাজ। চৰকাৰী পক্ষৰ দায়বদ্ধহীনতাৰ বাবেই বাস্তৱিকতে আদৰ্শ বিদ্যালয়ৰ শিক্ষা ব্যবস্থাতো কোন দিশে গতি কৰিছে সেয়া এইখন বিদ্যালয়ৰ নগ্ন অৱস্থাই দিনৰ পোহৰৰ দৰেই সুস্পষ্ট কৰি তুলিছে ।

আটকধুনীয়া ভৱনৰ মজিয়াত পাটি পাৰি গুৰুকুলৰ শিক্ষা আৰম্ভ কৰিছে নেকি শিক্ষামন্ত্ৰীৰ সমষ্টিত?
আজৱ চীন ! অমিত শ্বাহৰ অৰুণাচল ভ্ৰমণে চীনৰ সাৰ্বভৌমত্ব উলংঘা কৰিছে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in