/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/7fe16701-1156-4930-9a8d-ca557e52b7be/ha.jpg)
ডিজিটেল ডেস্কঃ সোণাপুৰৰ ১৫ মাইলত মঙলবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। বুধবাৰে পুৱা বাসগৃহৰ সন্মুখতে উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ। মৃত মহিলাগৰাকীৰ নাম ৰীতা বড়ো বুলি জানিব পৰা গৈছে।
হাছমত আলী নামৰ এজন লোকৰ বিৰুদ্ধে উত্থাপন হৈছিল হত্যাৰ অভিযোগ। হত্যাৰ কিছু সময় পাছতেই হাজো আৰক্ষী থানাত আত্মসমৰ্পণ কৰে অভিযুক্তই। ৰীতা বড়োৰ সৈতে প্রেমৰ সম্পৰ্ক থকাৰ কথা স্বীকাৰ হাছমত আলীৰ।
হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰিছিল হাছমত। ৰীতাৰ সৈতে মনোমালিন্য হোৱাত এই কাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে হাছমতে। ইতিমধ্যে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মহিলা গৰাকীৰ মৃতদেহ। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।
Also Read: ৩ আগষ্টৰ পৰা সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱ 'উন্মেষ': সাজু ভূপাল
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us