চেংগুৰচৰত বজ্ৰ পৰি মহিলাৰ মৃত্যু : শিশুসহ দুজন আহত

চেংগুৰচৰত বজ্ৰ পৰি মহিলাৰ মৃত্যু : শিশুসহ দুজন আহত

author-image
Asomiya Pratidin
New Update
চেংগুৰচৰত বজ্ৰ পৰি মহিলাৰ মৃত্যু : শিশুসহ দুজন আহত

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অধীনস্থ চেংগুৰচৰ গাঁৱত বজ্ৰ পৰি এগৰাকী মহিলাৰ মৃত্যু হয়। সোমবাৰে বিয়লি প্ৰায় ২ বজাত পথাৰত বজ্ৰ পৰি এগৰাকী মহিলা নিহত হোৱাৰ লগতে দুজন লোক আহত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে।

Advertisment

উল্লেখযোগ্য যে সোমবাৰে পুৱাৰে পৰা জিলাখনত কিনকিনিয়া বৰষুণ দি আছিল। তেনে অৱস্থাতে একাংশ বনুৱাই কাম কৰি থকাৰ সময়ত বিয়লি প্ৰায় ২ বজাত চেঙুৰচৰত পথাৰৰ মাজত বজ্ৰ পৰে। ফলত গাঁৱখনৰ ছলেমান সেখৰ পত্নী থিতাতে নিহত হোৱাৰ লগতে জহিৰুল ইছলামৰ পুত্ৰ মনোৱাৰ হুছেইন আহত হয়।

আনহাতে নিহত মহিলাগৰাকীৰ পুত্ৰ শিশুটি মাতৃৰ সংস্পৰ্শত অহাৰ কিছু সময় পাচত শিশুটি আহত হয়। বৰ্তমানে দুয়োক হাটশিঙিমাৰী জিলা চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা চলাই আছে।

মানকাচৰ আৰক্ষী চেংগুৰচৰ গাঁৱত উপস্থিত হৈ নিহত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে।

Also Read: মানকাচৰৰ ফেকামাৰী মেহাক জুৱেলাৰীত চুৰিকাণ্ড

mankachar