মানকাচৰৰ ফেকামাৰী মেহাক জুৱেলাৰীত চুৰিকাণ্ড

মানকাচৰৰ ফেকামাৰী মেহাক জুৱেলাৰীত চুৰিকাণ্ড

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনস্থ ফেকামাৰী বজাৰত চুৰিকাণ্ড সংঘটিত হয়। বজাৰখনৰ ওচৰতে থকা মেহাক জুৱেলাৰীত দেওবাৰে নিশা চোৰে প্ৰায় ১৫ লক্ষাধিক টকাৰ সোন আৰু হীৰাৰ অলংকাৰ লুটি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কিৰছে।

Advertisment

জানিব পৰা মতে, অইন দিনাৰ দৰে দেওবাৰে নিশা প্ৰায় ৯ বজাত জুৱেলাৰীখন বন্ধ কৰি যোৱাৰ পিচতে উক্ত নিশা চোৰে দোকানখনৰ টিনপাত খুলি ভিতৰত প্ৰৱেশ কৰে। চোৰে ভিতৰত থকা সামগ্ৰীসমূহ লণ্ড-ভণ্ড কৰাৰ লগতে প্ৰায় ১৫ লক্ষাধিক টকাৰ অলংকাৰ লুট কৰি নিয়ে।

দোকানখনৰ পৰা ৯ ডাল সোণৰ চেইন, ১১ যোৰ সোণৰ খাৰু, ৯ পাত সোণৰ কাণফুলি, সোণৰ ৫ আঙুঠি, ৩৫ টা সোণৰ নাকপুলি আৰু ২ টা হীৰাৰ নাকফুলি চোৰে লুটি নিছে। এই সামগ্ৰী খিনিৰ বজাৰ মূল্য ১৫ লাখ ৭,৯৮০ টকা বুলি মেহাক জুৱেলাৰী কৰ্তৃপক্ষই জানিবলৈ দিয়ে। পুৱা প্ৰায় ১১ বজাত জুৱেলাৰী দোকানখন খুলাৰ পাচত এই ঘটনা পোহৰলৈ অহাত খাৰুৱাবান্ধা আৰক্ষী চকীত দোকানৰ মালিকে এজাহাৰ দাখিল কৰিছে। আৰক্ষী ঘটনাস্থালীত উপস্থিত হৈ তদন্ত চলাই আছে।

Also Read: এইবাৰ দিল্লী পালেগৈ অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক

Assam police mankachar Jewellery