বাঘৰ আক্ৰমণত আহত মহিলাসহ তিনিজন

এই দৃশ্য প্ৰত্যক্ষ কৰি পিংকী শইকীয়াক বচাবলৈ যাওঁতে পিংকীৰ দেৱৰ মাইনা শইকীয়াকো বাঘটোৱে আক্ৰমণ কৰে
বাঘৰ আক্ৰমণত আহত মহিলাসহ তিনিজন

ডিজিটেল সংবাদ গোলাঘাটঃ নাহৰফুটুকীৰ আক্ৰমণত আহত ৩জন লোক। গোলাঘাট জিলাৰ টেঙানীত শুকুৰবাৰে এটা নাহৰফুটুকী বাঘৰ আক্ৰমণত তিনিজন লোক আহত হয় । ইয়াৰে এগৰাকী মহিলা ।

জানিব পৰা অনুসৰি গৰু লৰাবলৈ যাওতে পিংকী শইকীয়া নামৰ মহিলাগৰাকীক নাহৰফুটুকীৱে আক্ৰমণ কৰে । এই দৃশ্য প্ৰত্যক্ষ কৰি পিংকী শইকীয়াক বচাবলৈ যাওঁতে পিংকীৰ দেৱৰ মাইনা শইকীয়াকো বাঘটোৱে আক্ৰমণ কৰে ।

ইয়াৰ পিছতে একে গাঁৱৰে যোগেন শইকীয়া নামৰ ব্যক্তিজনো বাঘৰ আক্ৰমণৰ বলি হয়। বাঘৰ আক্ৰমণত আহত তিনিওকে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

বাঘৰ আক্ৰমণত আহত মহিলাসহ তিনিজন
তিনি শিশুৰ কৰুণ গাঁথা : বঞ্চিত খাদ্য-বস্ত্ৰ আৰু বাসস্থানৰ পৰা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in