মহিপালকুছিত ট্ৰেক্টৰৰ চেপাত প্ৰাণ গ'ল মহিলাৰ

মহিপালকুছিত ট্ৰেক্টৰৰ চেপাত প্ৰাণ গ'ল মহিলাৰ

ডিজিটেল সংবাদ, দুমুনিচকী : কামৰূপ গ্ৰাম্য জিলাৰ বাইহাটা চাৰিআলি এলেকাৰ বৃহত্তৰ অঞ্চলত অব্যাহত আছে ডাম্পাৰ, ট্ৰাক, ট্ৰেক্টৰ আদি গধুৰ যান-বাহনৰ দৌৰাত্ম্য। গধুৰ যান-বাহনৰ অতপালিৰ ফলতে প্ৰায়ে সংঘটিত হৈ আহিছে ইটোৰ পিছত সিটো অনাকাঙ্খিত ঘটনা।

স্থানীয় সচেতন লোকৰ অভিযোগ অনুসৰি, এনেবোৰ যান-বাহনৰ অতপালিৰ প্ৰতি কাণসাৰ নাই পৰিবহণ বিভাগ কিম্বা যান-বাহন আৰক্ষীৰ। এনে সময়তে কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মহিপালকুচি গাঁৱৰ এগৰাকী মহিলা মাটিভৰ্তি ট্ৰেক্টৰৰ চেপাত পৰি কৰুণ মৃত্যু হোৱা ঘটনাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ট্ৰেক্টাৰৰ চেপাত অকাল মৃত্যুক আঁকোৱালি লোৱা মহিলাগৰাকীৰ নাম হ'ল জােবেদা বেগম।

জানিব পৰা মতে জোবেদা বেগমৰ ঘৰৰ সমীপত বুধবাৰে এখন ট্ৰেক্টৰেৰে মাটি পেলাই আছিল। বিয়লি প্ৰায় ৪-০০ বজাত জোবেদা বেগমে মাটি পেলোৱা স্থানলৈ যোৱাৰ সময়তে ট্ৰেক্টৰখনৰ চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত ট্ৰেইলাৰখন মাটিসহ মহিলাগৰাকীৰ ওপৰত বাগৰি পৰে।

মাটিভৰ্তি ট্ৰেইলাৰৰ চেপাত পৰা মহিলাগৰাকীক স্থানীয় লোকে উদ্ধাৰ কৰি ততাতৈয়াকৈ বিহদিয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যায় যদিও চিকিৎসকে ইতিমধ্যে মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে। ঘটনা সন্দৰ্ভত বাইহাটা চাৰিআলি আৰক্ষী অৱগত হোৱাত মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

বাতৰি লিখা পৰলৈকে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে, প্ৰায় ২বছৰ পূৰ্বে স্বামীৰ মৃত্যু হোৱাত বিধবা জীৱন অতিবাহিত কৰা জোবেদা বেগমে তিনিগৰাকী কন্যা ইহ সংসাৰত এৰি থৈ যায়।

মহিপালকুছিত ট্ৰেক্টৰৰ চেপাত প্ৰাণ গ'ল মহিলাৰ
ৰহা-কচুৱাৰ বিভিন্ন প্ৰান্তত প্ৰাৰ্থী শিখা শৰ্মাৰ প্ৰচাৰ অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in