ৰহা-কচুৱাৰ বিভিন্ন প্ৰান্তত প্ৰাৰ্থী শিখা শৰ্মাৰ প্ৰচাৰ অভিযান

ৰহা-কচুৱাৰ বিভিন্ন প্ৰান্তত প্ৰাৰ্থী শিখা শৰ্মাৰ প্ৰচাৰ অভিযান

ডিজিটেল সংবাদ,কামপুৰ : নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নগাঁও লোকসভা সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰাৰ এদিন পাছত বুধবাৰে শিখা শৰ্মাই ৰহা সমষ্টিৰ গৰবাট মৌজাৰ বহু ঠাইত প্ৰচাৰ অভিযান চলায় ৷ কচুৱা প্ৰেছ ক্লাৱৰ সাংবাদিকসকলৰ লগত হোৱা সাক্ষাৎকাৰত শিখা শৰ্মাই কয়- "মই কৌটি কৌটিবাৰ কম যে, বদৰুদ্দিন আজমল বা তেওঁৰ এ আই ইউ ডি এফ দলৰ সকলো বিধায়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মানুহ ৷"

মৌলানা বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ কথাত উঠা বহা কৰা প্ৰমাণ আছে বুলি উল্লেখ কৰি নগাওঁ লোকসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে শিখা শৰ্মা জয়ী হ'ব বুলি দাবী কৰে ৷ ৰাইজৰ পৰা হেৰাই যোৱা আৰু সংখ্যালঘুৰ ভোটেৰে সাংসদ হোৱা প্ৰদ্যুত বৰদলৈ সংখ্যালঘু জনগণৰ বিপদৰ সময়ত মাত নিদিয়া প্ৰাৰ্থীক এইবাৰ ৰাইজে ভোট নিদিয়ে বুলি মন্তব্য কৰে ৷

বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাৰ অতীত সুঁৱৰি হিন্দু লোকে ভোট নিদিয়ে বুলি মন্তব্য কৰে। ইয়াৰোপৰি সাংসদ প্ৰদ্যুৎ বৰদলৈ জিকিলেও বিজেপি আৰু হাৰিলেও বিজেপি বুলি প্ৰাৰ্থীগৰাকীয়ে মন্তব্য কৰে ৷

আনহাতে নগাঁও সংসদীয় সমষ্টিটোত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দি কেৱল সংখ্যালঘু (মুছলমান)ৰ ভোট বিভাজন কৰি কোন দলৰ প্ৰাৰ্থীক শিখা শৰ্মাই ৰঙা দলিচা পাৰি দিব সেয়া সময়ত লক্ষ্যণীয় হ'ব বুলি বহুজনে মন্তব্য কৰিছে ৷

ৰহা-কচুৱাৰ বিভিন্ন প্ৰান্তত প্ৰাৰ্থী শিখা শৰ্মাৰ প্ৰচাৰ অভিযান
নামৰূপত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খেলুৱৈসহ ৩ শতাধিকৰ বিজেপিত যোগদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in