প্ৰেমিকৰ সৈতে বলব’মলৈ গৈ ৰহস্যজনকভাৱে মৃত্যু যুৱতীৰ

প্ৰেমিকৰ সৈতে বলব’মলৈ গৈ ৰহস্যজনকভাৱে মৃত্যু যুৱতীৰ

ডিজিটেল ডেস্কঃ মহানগৰীৰ লালগণেশত চাঞ্চল্যকৰ ঘটনা। প্রেমিকৰ সৈতে বলব’মলৈ গৈ ৰহস্যজনকভাৱে মৃত্যু যুৱতীৰ। সোমবাৰে পোহৰলৈ আহে এই ঘটনা।

মৃত যুৱতীগৰাকী লালগণেশৰ গোলাপী বেগম বুলি জানিব পৰা গৈছে। অভিযুক্ত প্রেমিক চুদিপ্ত বালাৰ লগত গৈছিল বশিষ্ঠলৈ। নিশা যান-বাহন আৰক্ষীয়ে গোলাপী বেগমৰ দুৰ্ঘটনা হোৱা বুলি জনায় পৰিয়ালক।

তাৰপাছতে পৰিয়ালৰ লোকে GMCHত ভৰ্তি কৰায় যুৱতীগৰাকীক। কিন্তু যুৱতীগৰাকীক চিকিৎসকে মৃত ঘোষণা কৰে। পৰিয়ালৰ সন্দেহ এয়া দুৰ্ঘটনা নহয়, পৰিকল্পিত হত্যা।

পূৰ্বেও চুদীপ্ত বালাই প্রথম প্রেমিকাক হত্যাৰ চেষ্টা কৰাৰ অভিযোগ। ইতিমধ্যে চুদিপ্ত বালাক গ্রেপ্তাৰ কৰি বশিষ্ঠ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

প্ৰেমিকৰ সৈতে বলব’মলৈ গৈ ৰহস্যজনকভাৱে মৃত্যু যুৱতীৰ
বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী GMCHত চিকিৎসাধীন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in