বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী GMCHত চিকিৎসাধীন

বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী GMCHত চিকিৎসাধীন

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী দেওবাৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছে। একেধাৰে গায়ন বায়ন, ভাওনাৰ সুদক্ষ অভিনেতা তথা সুবক্তা সত্ৰাধিকাৰ গৰাকীয়ে বিগত দহ বছৰ ধৰি অসমৰ ইমুৰৰ পৰা সিমুৰলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ নাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ বাবে নিৰলস প্ৰচেষ্টাৰে যাত্ৰা অব্যাহত ৰাখিছে।

এই নিপুন শিল্পী, সত্ৰাধিকাৰ গৰাকী যোৱা কেইমাহ মানৰ পৰা পিত্তথলী(গলব্লাডাৰ ষ্টন)ৰ ৰোগত আক্ৰান্ত হৈ আছে। তাৰ মাজতে যোৱা সপ্তাহৰ পৰা তেখেত ৰক্তহীনতাত টো ভুগিছে। যাৰ পৰিপেক্ষিত যোৱা কালি সত্ৰাধিকাৰ দেৱ গোস্বামীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হয়। হিমগ্লবিনৰ পৰিমাণ কমি যোৱাৰ ফলত তেখেতক তেজ যোগানো ধৰা হয়। লগতে অসম চৰকাৰৰ তৰফৰ পৰাও তেখেতৰ স্বাস্থ্যৰ ক্ষেত্ৰত সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।

বৰ্তমান চিকিৎসা মহাবিদ্যালয়ৰ অভিজ্ঞ চিকিৎসকৰ তত্বাৱধানত তেখেতৰ চিকিৎসা চলি আছে আৰু তেখেত কিছু পৰিমাণে সুস্থ হৈ উঠিছে বুলি পৰিয়ালৰ পৰা জানিব পৰা গৈছে। ইফালে সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ আশু আৰোগ্য কামনা কৰিছে বটদ্ৰৱা থানৰ ভক্ত-বৈষ্ণবে।

বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী GMCHত চিকিৎসাধীন
বিটিআৰত এলাগী হৈছে নেকি অসমীয়া ভাষা !

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in