অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ...

কোকৰাঝাৰৰ কাজিগাঁৱৰ মূৰ্শালঝোৰা গাঁৱত মৃতদেহ উদ্ধাৰ। বুধবাৰে গাঁওখনৰ জংঘলৰ পৰা উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ।

author-image
Asomiya Pratidin
New Update
মহানগৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱতী

ডিজিটেল ডেস্ক: কোকৰাঝাৰৰ কাজিগাঁৱৰ মূৰ্শালঝোৰা গাঁৱত মৃতদেহ উদ্ধাৰ। বুধবাৰে গাঁওখনৰ জংঘলৰ পৰা উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ।

Advertisment

অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ। ধৰ্ষণৰ অন্তত মহিলাগৰাকীক ডিঙি কাটি হত্যাৰ সন্দেহ কৰিছে একাংশই।

মৃতদেহৰ ওচৰত পৰি আছিল মহিলাগৰাকীৰ কাপোৰ। ওচৰ-চুবুৰীয়াৰ ভাষ্য অনুসৰি জংঘলত খৰি কাটিবলৈ গৈ প্রত্যক্ষ কৰিছিল মহিলা গৰাকীৰ মৃতদেহ।

ঘটনাৰ পাছতেই আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে পোহৰলৈ আহিব প্ৰকৃত ৰহস্য। ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

আৰু পঢ়ক:  আদৰ্শ গাৱঁৰ পথত হাবি- একাঠু বোকা, নাই বিদ্যুতঃ এতিয়ালৈ এজনেও উত্তীৰ্ণ হোৱা নাই মেট্ৰিক...

assam murder kokrajhar Assam police