
ডিজিটেল সংবাদ, দুমুনিচকী :- বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰ পলহাত ৰহস্যজনক অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
ডিঙিত চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা মহিলা গৰাকীৰ ওচৰত পৰি থকা এখন পত্ৰই মহিলা গৰাকীৰ মৃত্যুৰ ঘটনাক অধিক ৰহস্যঘণ কৰি তুলিছে। জানিব পৰা মতে চাংসাৰী আৰক্ষী থানাৰ অন্তৰ্গত দেউদুৱাৰ নিবাসী চাহাব আলী নামৰ লোকজনে দ্বিতীয় পত্নী তথা মহিলা গৰাকীৰ সৈতে ক্ষুদ্ৰ পলহাৰ এটা ঘৰত বিগত কেইবামাহ ধৰি ভাৰাতীয়া হিচাপে বাস কৰি আহিছে। ইয়াৰ পূৰ্বে দুয়ো পতি পত্নীয়ে গাওঁ খনৰ আন এটা ঘৰত বাস কৰিছিল।
কিন্তু বিগত কেইবা মাহ ধৰি ক্ষুদ্ৰ পলহা নিবাসী জাকিৰ আলী নামৰ এজন লোকৰ ঘৰ এটা ভাড়ালৈ লয় আৰু তাতেই দুয়ো পতি-পত্নীয়ে বাস কৰি অহা বুলি স্থানীয় লোকে জনায় । ইমানলৈকে সকলো ঠিকে আছিল যদিও দেওবাৰে নিশা প্ৰায় ৮-৩০ বজাত মহিলা গৰাকীক ঘৰৰ ভিতৰত ডিঙিত চিপ লোৱা অৱস্থাত প্ৰত্যক্ষ্য কৰে গাঁওবাসীয়ে।
মহিলা গৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰাৰ উপৰি মহিলা গৰাকীৰ ওচৰত পৰি থকা অৱস্থাত এখন পত্ৰও উদ্ধাৰ কৰা হয়। উক্ত পত্ৰত লিখা থাকে যে, 'মই অলপ গালি দিওঁতে নিজে ফাঁচি ল'লে। মোৰ গাত দোষ নাই অলপো। মই মৰ বুলিও কোৱা নাছিলোঁ'। এই পত্ৰখনক লৈ আন এক চাঞ্চল্যৰ সৃষ্টি হৈছে।
নিশা মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰৰ পূৰ্বৰ পৰা স্বামী চাহাব আলী পলাতক হৈ আছে। যাৰ বাবে স্বামীয়ে মহিলা গৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা চলোৱা বুলি সন্দেহ কৰে একাংশই।
উল্লেখ্য যে প্ৰথম পত্নী থকাৰ পিছতো দ্বিতীয় পত্নী হিচাপে গ্ৰহণ কৰা চাহাব আলীৰ পূৰ্বৰ ভাড়া ঘৰলৈ বিভিন্ন যুৱকৰ উপৰিও সময়ে সময়ে যুৱতী মহিলাৰো আগমন ঘটিছিল। যাৰ ফলত পূৰ্বৰ ভাড়াঘৰৰ পৰা ওলাই আহি প্ৰায় তিনিমাহ পুৰ্বে চাহাব আলীয়ে ক্ষুদ্ৰ পলহা নিবাসী জাকিৰ আলীৰ এটা ঘৰত থাকিবলৈ লয়।
আনহাতে চাহাব আলীয়ে বৰ্তমানলৈকে পলাতক অৱস্থাত থকাত মহিলা গৰাকীৰ নাম আৰু মাতৃ গৃহ সম্পৰ্কে কোনো তথ্য লাভ কৰা হোৱা নাই বুলি বাইহাটা চাৰিআলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে। নিশা মহিলাগৰাকীৰ মৃত্যু সন্দৰ্ভত অবগত হৈ বাইহাটা চাৰিআলি আৰক্ষীয়ে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।
চাহাব আলী পলাতক অৱস্থাত থকাৰ বাবেই বাইহাটা চাৰিআলি আৰক্ষীয়ে মহিলা গৰাকীৰ মৃতদেহ ৭২ ঘন্টা সময়লৈকে জি এম চি এইচৰ মৰ্গত ৰখাৰ ব্যৱস্থা কৰা হোৱা বুলি জানিবলৈ দিয়ে। বাইহাটা চাৰিআলি আৰক্ষীয়ে চাহাব আলীক বিচাৰি অভিযান আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে। মহিলা গৰাকীৰ মৃত্যু সন্দৰ্ভত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।