/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/a25c8775-1727-457c-8e8b-eebbb8d0821d/h.jpg)
ডিজিটেল ডেস্কঃ দেৰগাঁৱৰ ফেটাগাঁৱত সংঘটিত হয় এক কৰুণ ঘটনা। শুকুৰবাৰ এটি বন্ধ ঘৰৰ ভিতৰত উদ্ধাৰ হয় উৱলি যোৱা বৃদ্ধা মহিলাৰ মৃতদেহ।
মৃত মহিলা গৰাকীৰ নাম ৰহিলা দত্ত (৬৫) বুলি জানিব পৰা গৈছে। অবিবাহিত মহিলা গৰাকী অকলে বাস কৰিছিল ঘৰটোত। আজি মহিলাগৰাকীৰ ভতিজাক গুৱাহাটীৰ পৰা আহি দুৱাৰ বন্ধ অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় লোকক খবৰ দিয়ে।
তাৰ পিছতে ঘৰৰ ভিতৰত প্ৰতক্ষ্য কৰে উৱলি যোৱা মৃতদেহটো। ভতিজাকে জনোৱা অনুসৰি ৩ মাহ ধৰি বন্ধ হৈ আছিল মহিলাগৰাকীৰ মোবাইল ফোন। ৩ মাহ ধৰি ভতিজাকে খবৰ পোৱা নাছিল মহিলাগৰাকীৰ।
কেনেকৈ কি পৰিস্থিতিত বৃদ্ধা মহিলা গৰাকীয়ে এনে মৃত্যুক সাৱতিলে সেইয়া এতিয়া ৰহস্যৰ আঁৰত। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।