প্ৰদ্যুৎ বৰদলৈ, আমিনুল ইছলাম দুয়ো জিকিলে মোৰ ওচৰলৈ আহিব, গতিকে বিজেপি প্ৰাৰ্থীকে ভোট দিবঃ মুখ্যমন্ত্ৰী

প্ৰদ্যুৎ বৰদলৈ, আমিনুল ইছলাম দুয়ো জিকিলে মোৰ ওচৰলৈ আহিব, গতিকে বিজেপি প্ৰাৰ্থীকে ভোট দিবঃ মুখ্যমন্ত্ৰী

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজি দেশত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মাজতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। শুকুৰবাৰে বটদ্ৰৱাৰ ডুমডুমীয়া বজাৰত এখনি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

User

সভাত উপস্থিত হৈয দলীয় গীত বজাই ৰাইজৰ লগত একেলগে এপাক নাছিলে মুখ্যমন্ত্ৰী গৰাকীয়ে।উক্ত সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

বটদ্ৰৱাৰ ডুমডুমীয়াত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, "প্ৰদ্যুত বৰদলৈ জিকিলে দুমাহৰ ভিতৰত মোৰ ওচৰ চাপিব আৰু আমিনুল ইছলাম জিকিলে তিনিমাহৰ ভিতৰত মোৰ ওচৰ চাপিব। যিয়েই নিজিকক মোৰ ওচৰ চাপিবই, গতিকে ডাইৰেক্ট বিজেপিক ভোট দিয়াই ভাল।

লগতে কয়, পুৰণি নোট যিদৰে বজাৰত নচলে কংগ্ৰেছো এতিয়া বজাৰত নচলে। এবছৰৰ ভিতৰত ৫০ হাজাৰ চাকৰি দিম । যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তেওঁলোকক ১০ নম্বৰ বেছিকৈ দিম। নিৰ্বাচন ২৬ তাৰিখে কিন্তু ৰাইজে আজিয়ে কৈছে যে সুৰেশ বৰাক ভোট দিম। নগাঁৱত এইবাৰ সুৰেশ বৰা জিকিব।

User

দেশত কংগ্ৰেছ থাকোতে ধৰ্মৰ মাজত কাজিয়া হৈছিল, আন্দোলন হৈছিল, বন্দুকৰ শব্দ শুনি টোপনি গৈছিলো কিন্তু মোডী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱা পিছত ক'তো হিন্দু মুছলমানৰ মাজত কাজিয়া নাই। বড়ো আন্দোলন নাই। এতিয়া অসমত বন্দুকৰ মাতত বিহু নাহে কুলি কেতেকীৰ মাতত আছে। এতিয়া শান্তি আহিল দেশত।

লগতে কয়, মই কাকো গুণ্ডা, ডকাইট বনোৱা নাই হিতাধিকাৰী হে বনাইছো। এইবাৰ নিৰ্বাচন হৈ যোৱাৰ পিছৰ ধিং সমষ্টিৰ প্ৰত্যেক ঘৰত অৰুনোদয় দিম। নিৰ্বাচনৰ পিছতে লাখপটি বাইদেউৰ পইচা সোমাই যাব। যাৰ ৰেচন কাৰ্ড নাই বিধায়কে থিক কৰি দিব। আৰু সকলোৱে অৰুনোদয় পাব এইয়া মোদী কা গেৰান্টি আৰু মামা কা ৱাৰেন্টি।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ মুৰব্বীৰ নামত বীমাকৰণ কৰিব চৰকাৰে আৰু প্ৰিমিয়াম দিব চৰকাৰে। এইবাৰ মোদী আকৌ প্ৰধানমন্ত্ৰী হ'ব তাৰপিছত দেশত ৩ কোটিয়ে নতুন ঘৰ পাব। এইবাৰ ঘৰৰ জিঅ' ট্ৰেকিঙৰ দ্বায়িত্ব আত্মসহায়ক গোটৰ মহিলা সকলক দিব। দালাল থকালৈকে অসমৰ উন্নতি নহয়। অসমৰ পৰা দালাল চাফা কৰিব লাগিব বুলি তেওঁ কয়।

লগতে কয়, ছাত্ৰ-ছাত্ৰীৰ এডমিছন বিনামূলীয়া হ'ব। কিতাপৰ খৰছ চৰকাৰে দিব।ছোৱালীৰ এডমিছনৰ পিছত ১০,০০০ টকা জমা কৰি দিব চৰকাৰে। ল'ৰাৰ পঢ়া শুনা আধা খৰচ ঘৰখনে দিব আৰু ছোৱালীৰ পঢ়া শুনা সম্পূৰ্ণ খৰছ মামাই দিব। নগাঁও জিলাৰ ডুমডুমীয়াত নিৰ্বাচনী প্ৰচাৰৰ অনন্তত এইবাৰ নগাঁৱত সুৰেশ বৰাৰ জয় নিশ্চিত বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

প্ৰদ্যুৎ বৰদলৈ, আমিনুল ইছলাম দুয়ো জিকিলে মোৰ ওচৰলৈ আহিব, গতিকে বিজেপি প্ৰাৰ্থীকে ভোট দিবঃ মুখ্যমন্ত্ৰী
কংগ্ৰেছক দিলে ভোট নষ্ট হ'ব, বিজেপিক ভোট দিবলৈ আহ্বান মন্ত্ৰী পিযুষ হাজৰিকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in