/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/c0720151-6e73-47cc-88b3-8296ba24f742/AP_FOR_WEB_himu_sarba.jpg)
ডিজিটেল ডেস্ক : ৰাজ্যত যোৱা কেইদিনমান ধৰি এক ৰাজনৈতিক খবৰে গৰম কৰি ৰাখিছে। অসমৰ্থিত সূত্ৰই ৰাজ্যৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্থানত দিল্লী আৰু নাগপুৰে পূৰ্বৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংস্থাপিত কৰিব বুলি খবৰ বিয়পাইছে।
দিল্লীত বৰ্তমান বাহৰ পাতি থকা মুখ্যমন্ত্ৰী শৰ্মাক মোডীৰ মন্ত্ৰীসভাত স্থান দি ৰাষ্ট্ৰীয় ৰাজনীতিলৈ লৈ যাব বুলিও খবৰ ওলাইছে। ফ্ৰান্স ভ্ৰমণৰ অন্তত ইউ এ ইত থকা প্ৰধানমন্ত্ৰী মোডী স্বদেশলৈ ঘূৰি অহাৰ পিচতেই সাল-সলনি হ’ব কেন্দ্ৰীয় মন্ত্ৰী সভা। এই সাল-সলনিত উত্তৰ-পূবৰ ৩জন মন্ত্ৰীয়ে মোডী মন্ত্ৰী সভাত স্থান হেৰুৱাব বুলি প্ৰচাৰ চলিছে।
আহোম কেন্দ্ৰীক ৰাজনীতিয়ে উজনি অসম উত্তাল কৰি ৰখাৰ সমান্তৰালকৈ সমষ্টি পুনঃনিৰ্ধাৰণকলৈ ৰাজনৈতিক অসন্তুষ্টিয়ে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক কিছু অস্বস্তিত পেলালেও এতিয়াই মুখ্যমন্ত্ৰী সলনি কৰাৰ কথা বি জে পি নেতৃত্বই ভবা নাই। অৱশ্যে এই সন্দৰ্ভত দলৰ মজিয়াতে বিভিন্ন আলোচনা চলিছে।
মুখ্যমন্ত্ৰীৰ ঠাইত ৰাজ্যিক বি জে পিৰ সভাপতিহে সলনি কৰাৰ সিদ্ধান্ত লৈছে দলটোৰ নেতৃত্বই। বৰ্তমানৰ সভাপতি ভৱেশ কলিতাই সবলভাৱে দিব পৰা নাই নেতৃত্ব। তেওঁৰ স্থানত যোগেন মহন আৰু তপন গগৈৰ নাম এই পদৰ বাবে চৰ্চালৈ আহিছে।
কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান হেৰুৱালে সভাপতি পদৰ দৌৰত থাকিব পাৰে ৰামেশ্বৰ তেলীয়ো। কোনো কোনোৱে সভাপতিৰ দৌৰত পবিত্ৰ মাৰ্ঘেৰিটা আছে বুলি ক’ব খোজে যদিও সেই সম্ভৱনা অতি ক্ষীণ।
ৰাজ্যৰ এজন প্ৰভাৱশালী মন্ত্ৰীৰ বিৰুদ্ধে নাগপুৰত দাখিল কৰা হৈছে অভিযোগ। ইয়াকলৈয়ো বি জে পিৰ মজিয়াত জোঁকাৰণি উঠিছে। আনহাতে দিল্লীত শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় লোকসভাৰ নিৰ্বাচনৰ পিচতে সাল-সলনি হ’ব মন্ত্ৰীসভা।
Also Read: মাজবাটত হাতী-মানুহৰ সংঘাতত মহিলাৰ মৃত্যু