গ্ৰেপ্তাৰ হ'ব নেকি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ! কাইলৈ হাজিৰ হ'ব লাগিব যোৰহাট থানাত

যদিহে তেওঁ কাৰাৰুদ্ধ হ'ব লগা হয়, তেনেস্থলত দলৰ প্ৰতিগৰাকী নেতা-কৰ্মীকে নিষ্ঠা, সততা, অহিংসা আৰু গণতান্ত্ৰিক প্ৰমূল্য ৰক্ষা কৰি লোকসভা নিৰ্বাচন কেন্দ্ৰিক কাম-কাজত লাগি থাকিবলৈ আহ্বান জনায়

author-image
Asomiya Pratidin
New Update
জামিনবিহীনসহ কেইবাটাও গোচৰ ৰুজু ভূপেন বৰাৰ বিৰুদ্ধে, আজি থানাত হাজিৰ হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী

ডিজিটেল ডেস্ক : বুধবাৰে যোৰহাট থানাত হাজিৰ হ'ব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। ইতিমধ্যে সভাপতি বৰাই আগতিয়াকৈ জামিন লৈ চৰকাৰৰ ওচৰত নতশিৰ নকৰে বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছে।

Advertisment

উল্লেখ্য যে যোৰহাট আৰক্ষীয়ে বৰাৰ বিৰুদ্ধে জামিনবিহীন ২টা তথা সৰ্বমুঠ ৮টা ধাৰা মোকৰ্দ্দমা ৰুজু কৰিছিল। সেই অনুসৰি ৩১ জানুৱাৰীৰ দিনা দুপৰীয়া ১১-০০ বজাত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক থানাত হাজিৰ হ'বলৈ জাননী প্ৰেৰণ কৰিছে।

আইনৰ নিৰ্দেশমৰ্মে বুধবাৰে দুপৰীয়া সভাপতি ভূপেন বৰা সোঁশৰীৰে হাজিৰ হ'ব বুলি জানিব পৰা গৈছে। আনহাতে যদিহে তেওঁ কাৰাৰুদ্ধ হ'ব লগা হয়, তেনেস্থলত দলৰ প্ৰতিগৰাকী নেতা-কৰ্মীকে নিষ্ঠা, সততা, অহিংসা আৰু গণতান্ত্ৰিক প্ৰমূল্য ৰক্ষা কৰি লোকসভা নিৰ্বাচন কেন্দ্ৰিক কাম-কাজত লাগি থাকিবলৈ তেওঁ আহ্বান জনায়।

উল্লেখ্য যে ভাৰত জোড়ো ন্যায় যাত্ৰাত আইন ভংগ কৰাৰ বাবেই প্ৰদেশ কংগ্ৰেছৰ সভপতিগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। আইন ভংগৰ গোচৰত ৩১ জানুৱাৰীৰ দিনা যোৰহাট থানাত হাজিৰ হ'ব ভূপেন বৰা।

Also Read: চামুৱাগাঁৱত বৰ্ডো মিশ্ৰণৰ সুবিধা আৰু প্ৰয়োগ সম্পৰ্কে কৰ্মশালা আৰু সজাগতা সভা

Assam Pradesh Congress Committee bhupen borah