/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/3dad0018-0fbf-4d75-80e9-326286007c86/156.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱা : অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ দ্বাৰা গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি-২০২৪(Rural Agricultural Work Experience Programme, RAWEP-2024)ৰ জৰিয়তে মঙলবাৰে নগাঁও জিলাৰ চামুৱাগাঁৱত বৰ্ডো মিশ্ৰণৰ সুবিধা আৰু প্ৰয়োগ সম্পৰ্কে এখনি সজাগতা সভা আৰু কৰ্মশালা অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ তত্বাৱধানত এইবেলি অসম কৃষি বিশ্ববিদ্যালয়ৰ ৩৩ ছাত্ৰ- ছাত্ৰীয়ে গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি-২০২৪ৰ অধীনত নগাঁও জিলাৰ চামুৱাগাঁও, চাউল খোৱা আৰু ব্ৰাহ্মণ গাঁও অঞ্চলত থাকি জানুৱাৰীৰ পৰা আগন্তুক ৫ মাহলৈ ক্ষেত্ৰ অধ্যয়ন আৰু কৰ্ম অভিজ্ঞতা আঁচনিৰ দ্বাৰা কাৰ্যসূচী চলাই নিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/7df6ffe9-88ce-4c0b-9844-648054e671fa/c87f499e_f554_40b4_8e03_b21c915f9d91.jpg)
চামুৱাগাঁৱৰ গাঁওপ্ৰধান মনোজ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ এই কৰ্মশালাত বৰ্ডো মিশ্ৰণৰ প্ৰস্তুত প্ৰণালী আৰু কৃষি পদ্ধতিত ইয়াৰ সম্ভাৱ্য প্ৰভাৱৰ বিষয়ে গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি-২০২৪ৰ ছাত্ৰ ছাত্ৰীসকলে বিশ্লেষণ আগবঢ়ায়। লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ উৎসাহী ৰাৱেপ গোটৰ ছাত্ৰ-ছাত্ৰীসকলে বোৰ্ড মিশ্ৰণৰ সঠিক প্ৰস্তুতি আৰু প্ৰয়োগৰ কৌশল কৃষকসকলৰ সন্মুখত প্ৰদৰ্শনে কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/85bc2434-9253-4b80-9ee2-bbef5cd6375d/852205c0_ec28_45b6_a614_da52cc1e02dd.jpg)
ৰাৱেপৰ ছাত্ৰ-ছাত্ৰীৰ গোটটোৱে ফল-মূল,শাক-পাচলি আৰু শস্যকে ধৰি বিভিন্ন শস্যত বৰ্ডো মিশ্ৰণৰ বহুমুখী প্ৰয়োগৰ বিষয়ে বিশদভাৱে বিশ্লেষণ কৰাৰ লগতে নতুন আৰু বহনক্ষম কৃষি পদ্ধতি গ্ৰহণৰ প্ৰতি তীব্ৰ আগ্ৰহী কৃষকসকলৰ বিভিন্ন কৃষি সম্বন্ধিত সমস্যাৰ সমাধান প্ৰদান কৰে। অনুষ্ঠানৰ অন্তত গাঁৱবাসীক আগবঢ়োৱা বহুমূলীয়া তথ্যৰ বাবে কৃষকসকলে ৰাৱেপ গোটটোক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু তেওঁলোকৰ কৃষি পদ্ধতিত ইয়াক অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/192e1ad1-1938-40f7-88c1-2e2e2f1e990c/64031c7f_34c0_4070_9962_84533f1bb7ee.jpg)
উল্লেখযোগ্য যে বৰ্ডো মিশ্ৰণ শস্যত আক্ৰান্ত বিভিন্ন ভেকুৰ আৰু বেক্টেৰিয়াজনিত ৰোগ প্ৰতিৰোধ আৰু প্ৰশমনৰ ক্ষেত্ৰত ফলপ্ৰসূতাৰ বাবে বিখ্যাত। শস্যক ৰোগকাৰক জীৱাণুৰ পৰা ৰক্ষা কৰাত ইয়াৰ ভূমিকাক গুৰুত্ব আৰোপ কৰা হয়, যাৰ ফলত উৎপাদন আৰু গুণগত মান বৃদ্ধি পায়।
Also Read: মাৰ্ঘেৰিটাত মণ্ডল ভিত্তিত ৰন্ধন প্ৰকৰণ প্ৰতিযোগিতা সম্পন্ন