/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/bb826941-26cd-4aea-b0f5-226a2e59641d/AHSEC.jpg)
ডিজিটেল ডেস্ক : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ মাজতেই সামাজিক মাধ্যমযোগে প্ৰচাৰ হৈছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰো ফলাফল আজি বিয়লি ৩ বজাত ঘোষণা কৰাৰ কথা । শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ টুইটাৰ একাউন্টৰ জৰিয়তে প্ৰকাশ হোৱা বুলি দেখুওৱা এই প'ষ্টটিত আজি দিনৰ ৩ বজাত ছেবাই উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰাৰ কথা উল্লেখ আছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/a1c508af-e098-4068-b128-4bf73dc4f60f/WhatsApp_Image_2023_05_22_at_10_54_32_AM.jpeg)
অসমীয়া প্ৰতিদিন ডিজিটেলৰ সৈতে হোৱা এক বাৰ্তালাপত শিক্ষামন্ত্ৰী গৰাকীয়ে এই বাৰ্তা ভুৱা বুলি নিশ্চয়তা দিয়ে । ইয়াৰ ওপৰিও উচ্চতৰ মাধ্যমিকৰ ফলাফল ছেবাৰ পৰিৱৰ্তে এ এইচ এচ ই চিয়ে হে প্ৰকাশ কৰে । তেনেস্থলত শিক্ষাৰ্থীসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ কোনো দুষ্ট চক্ৰই প্ৰকাশ কৰিছে এই ভুৱা বাতৰি !
Also Read: হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হাৰত ছাত্ৰীতকৈ আগত ছাত্ৰ