কোকৰাঝাৰত বনৰীয়া মহৰ আক্ৰমণ, আহত ২

কোকৰাঝাৰত বনৰীয়া মহৰ  আক্ৰমণ, আহত ২

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া মহৰ আক্ৰমণত আজি দুজন গঞা লোক গুৰুতৰভাৱে আহত হয় ৷ কোকৰাঝাৰ জিলাৰ হলদিবাৰী আৰু কোকৰাঝাৰ আৰু চিৰাং জিলাৰ সীমান্তৱৰ্তী লাউটি মথাউৰিত পৃথকে পৃথকে এই ঘটনা সংঘটিত হৈছে ৷ বনৰীয়া মহৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা দুজন ক্ৰমে কোকৰাঝাৰ জিলাৰ দুই নং বাশবাৰী গাঁৱৰ মেহুং বসুমতাৰী ( ৫০) আৰু চিৰাং জিলাৰ উত্তৰ ইছলাখাটা গাঁৱৰ ছেভেন নাৰ্জাৰী ( ৪০) ৷ বনাঞ্চলৰ পৰা গাৱঁত প্ৰবেশ কৰা বনৰীয়া গৰুটোক খেদিবলৈ যাওঁতে এই ঘটনা সংঘটিত হয় ৷

উল্লেখ্য যে, আজি বিয়লী ৪ - ৩০ মান বজাত কোকৰাঝাৰ জিলাৰ হলদিবাৰীত বনৰীয়া মহ বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰি কিছু সংখ্যক গঞা ৰাইজে বনৰীয়া মহটোক খেদাৰ চেষ্টা চলায় ৷ এনেদৰে বনৰীয়া মহটোক খেদিবলৈ যাওঁতে মেহুং বসুমতাৰী নামৰ লোকজন বনৰীয়া মহটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ৷ মেহুং বসুমতাৰীক সংকটজনক অৱস্থাত কোকৰাঝাৰ আৰ এন বি হস্পিতাললৈ লৈ অনা যদিও চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত উন্নত চিকিৎসা বাবে মেহুং বসুমতাৰীক বাহিৰলৈ প্ৰেৰণ কৰা হৈছে ৷

আনহাতে ইয়াৰ পূৰ্বে আজি দুপৰীয়াৰ ভাগত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ সীমান্তৱৰ্তী লাউটি মথাউৰিত একেটা বনৰীয়া মহৰ আক্ৰমণতে চিৰাং জিলাৰ উত্তৰ ইছলাখাটা গাঁৱৰ ছেভেন নাৰ্জাৰী গুৰুতৰভাৱে আহত হয় ৷ ছেভেন নাৰ্জাৰী সম্প্ৰতি কোকৰাঝাৰৰ এখন ব্যক্তিগত হস্পিতালত চিকিৎসাধীন হৈ আছে ৷ ছেভেন নাৰ্জাৰীৰ অৱস্থাও সংকটজনক বুলি জনা গৈছে ৷

উল্লেখ্য যে বনৰীয়া মহটো সম্প্ৰতি কোকৰাঝাৰৰ হলদিবাৰী এলেকাতে বিচৰণ কৰি আছে ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱা বন বিভাগৰ দলে বনৰীয়া মহটোক ট্ৰেংকুলাইজ কৰাৰ বাবে চেষ্টা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷

কোকৰাঝাৰত বনৰীয়া মহৰ  আক্ৰমণ, আহত ২
নলবাৰীত অসম সাহিত্য সভাৰ নতুন শাখা সভা গঠন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in