নলবাৰীত অসম সাহিত্য সভাৰ নতুন শাখা সভা গঠন...

নলবাৰীত অসম সাহিত্য সভাৰ নতুন শাখা সভা গঠন...

ডিজিটেল সংবাদ, নলবাৰী : নলবাৰী জিলাৰ কৰিয়াত ৭ এপ্ৰিলত নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত এখন নতুন শাখা সভা গঠন কৰা হয়। এই উপলক্ষে কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন সাধাৰণ সভা সম্পন্ন হয়। সভাত পৌৰোহিত্য কৰে জ্যেষ্ঠ নাগৰিক হৰিচন্দ্র বৰুৱাই। সাধাৰণ সভাৰ আহ্বায়ক তথা কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অমল কুমাৰ দাসে সভা আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰে।

দীনেশ তালুকদাৰে সভাৰ আঁত ধৰে। সভাখনত অসম সাহিত্য সভাৰ জনগোষ্ঠীয় ইতাহাস প্ৰকল্প সমিতিৰ আহ্বায়ক ডাঃ বিপিন চন্দ্ৰ কলিতা আৰু নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাই বিগত সময়ছোৱাত অসমীয়া জাতি, ভাষা, সাহিত্য, সংস্কৃতি, সমন্বয় আদিৰ বাবে ইতিমধ্যে লোৱা ভূমিকা আৰু ভৱিষ্যতে ৰূপায়ণ কৰিবলগীয়া কাৰ্যসূচী আদিৰ বিষয়ে লগতে এই দিশত আঞ্চলিক পৰ্যায়ত শাখা সমিতিবোৰৰ দায়িত্ব সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। দুয়োগৰাকী বিষয়ববীয়াই শাখা সাহিত্য সভা গঠনৰ প্ৰক্ৰিয়া সন্দৰ্ভতো বিৱৰি কয়।

সভাত সমৱেত লোকসকলে সমগ্ৰ অঞ্চলটোৰ সাহিত্যানুৰাগী লোকক লৈ অসম সাহিত্য সভাৰ নিয়মানুসৰি কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ক কাৰ্যালয় হিচাপে লৈ এখন শাখা সভা গঠনৰ পোষকতা কৰে। সভাত হৰিচন্দ্র বৰুৱা, অমল দাস, দীনেশ তালুকদাৰ, দিগম্বৰ মেধি, বীৰেন তালুকদাৰ, বিৰাজ বিকাশ দাস, দিলীপ কলিতা, উমেশ চন্দ্র দাস, পদ্ম কুমাৰ কাকতি, মহেশ্বৰ দাস, শৰৎচন্দ্র শীল, যতীন্দ্র চন্দ্ৰ ডেকা, দিগাম্বৰ মেধি, দিলীপ কুমাৰ হালৈ, গজেন্দ্ৰনাথ শীল, বিনোদ তালুকদাৰ, পৰেশ চন্দ্ৰ মেধি, দীনেশ চন্দ্র তালুকদাৰ, বিৰাজ বিকাশ দাস, শশীন্দ্ৰ বৈশ্য, বীৰেন তালুকদাৰ, কণ বৈশ্য, ধর্ম পাটোৱাৰী, ধৰণী পাটোৱাৰী প্ৰমুখ্যে সাহিত্যানুৰাগী ব্যক্তিসকলে সমগ্ৰ অঞ্চলটোক সামৰি বিজুলীঘাট আঞ্চলিক শাখা সাহিত্য সভা নামেৰে নতুন শাখা সভা এখন গঠন কৰাৰ বাবে মত পোষণ কৰি ইতিবাচক বক্তব্য আগবঢ়ায়।

এই সভাতে দীনেশ তালুকদাৰক সভাপতি, অমল কুমাৰ দাস আৰু দিগম্বৰ মেধিক উপ সভাপতি, বীৰেন তালুকদাৰক সম্পাদক, বিৰাজ বিকাশ দাসক সহকাৰী সম্পাদক, দিলীপ কলিতাক পত্ৰিকা সম্পাদক আৰু উমেশ দাসক কোষাধ্যক্ষ হিচাপে লৈ সদস্য সহিতে পোন্ধৰগৰাকী সন্নিৱেশিত শাখা সভাৰ সমিতি এখন গঠন কৰা হয়।

নলবাৰীত অসম সাহিত্য সভাৰ নতুন শাখা সভা গঠন...
বিশ্ব শান্তিৰ লক্ষ্যৰে ন-মাটিত ভাগৱত পাঠৰ সামৰণি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in