বোকাখাত জাতীয় বিদ্যালয়ত বন্যহস্তীয়ে কৰিলে বিস্তৰ ক্ষতি...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা ৫ টাকৈ বন্যহস্তীয়ে বোকাখাত নগৰ অঞ্চলৰ ১নং ৱাৰ্ডত এক হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰে।

author-image
Asomiya Pratidin
New Update
বোকাখাত জাতীয় বিদ্যালয়ত বন্যহস্তীয়ে কৰিলে বিস্তৰ ক্ষতি...

ডিজিটেল সংবাদ, বোকাখাত : শনিবাৰে নিশা বোকাখাতৰ নগৰ অঞ্চলত বন্যহস্তীৰ বিচৰণ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা ৫ টাকৈ বন্যহস্তীয়ে বোকাখাত নগৰ অঞ্চলৰ ১নং ৱাৰ্ডত এক হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰে।

Advertisment

হাতী খেদা স্থানীয় লোকৰ অত্যাচাৰত দিশহাৰা হৈ পৰে হাতী কেইটা। ইয়াৰে দিশহাৰা দুটা হাতীয়ে বিস্তৰ ক্ষতিসাধন কৰে বোকাখাত জাতীয় বিদ্যালয়ৰ। ফলত বিদ্যালয়খনৰ আবাসিক ছাত্ৰ সকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।

উল্লেখযোগ্য যে একাংশ স্থানীয় লোকে ট্ৰেক্টৰ চলাই হাতী খেদিবলৈ কৰা চেষ্টাৰ বাবেই হাতীকেইটা দিশহাৰা হৈ পৰে বুলি জানিবলৈ দিছে সচেতন লোকে।

আৰু পঢ়ক : বৰঝাৰ বিমান বন্দৰত উপস্থিত প্রধানমন্ত্রী নৰেন্দ্র মোডী

bokakhat assam