/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/00889c3f-c0f5-4537-85bb-a66cff1b4ffd/messi.jpg)
ডিজিটেল ডেস্ক: সামাজিক মাধ্যমত বিয়পিছে এক খবৰ। কোনোবাই আমোদৰ বাবেই এই খবৰ সৃষ্টি কৰিছে। হোৱাটচ এপে হোৱাটচ এপে বিয়পা এই খবৰটো হ'ল আৰ্জেন্টিনা আৰু ফ্ৰান্সৰ মাজৰ বিশ্বকাপ ফুটবলৰ ফাইনেল খেল খনৰ পূৰ্বে গুৱাহাটীলৈ আহিছে হেনো এজন তাৰকা ফুটবলাৰ।
ফটোশ্বপত মেছিৰ মুখ লগাই দুহাতত এটা ছাগলী দি আৰ্জেন্টিনা তাৰকা গৰাকী ফাইনেলৰ পূৰ্বে গুৱাহাটীলৈ আহিছে বুলি চলোৱা এই প্ৰচাৰে ব্যাপক হাস্যৰসৰ সৃষ্টি কৰিছে।
কামাখ্যত পূজা দিবলৈ ফাইনেলৰ পূৰ্বে আৰ্জেন্টিনাৰ তাৰকা গৰাকী অহাৰ উপৰিও অন্য কিছু সংখ্যকে আন এক কল্পনাৰ কাহিনী সৃষ্টি কৰিছে মেছিক লৈ।যোৰহাট ৰৰৈয়া বিমান বন্দৰ নিৰ্মাণৰ টেণ্ডাৰ পুনেৰ এটা বিখ্যাত কোম্পানী ফাৰ্ম গীক টেগ ইনফাই লাভ কৰা বুলি উল্লেখ কৰি লিখিছে যে সেই কোম্পানীটোৰ মালিকৰ সৰু পুত্ৰৰ পত্নী আছিল আৰ্জেন্টিনাৰ এলিছা মেগছ।
তাৰপাছত তেওঁলোক যোৰহাটলৈ ফুৰিব অহাৰ কাহিনী বৰ্ণনা কৰি যোৰহাটতেই এলিচা মেগছে মেছিক জন্ম দিয়া বুলি আৰু তেওঁৰ ভৰিটো অলপ বেকা হোৱাৰ বাবে কোনোবা এজনে ল'ৰাটোৰ ভৰিখন মেছিদা নিচিনা হোৱা বুলি কৈছিল।
তাকেই শুনি মেছি পিতৃ-মাতৃয়ে হোনা তেওঁৰ নাম মেছি ৰাখিলে।এই খবৰবোৰে ফুটবল বিশ্বকাপৰ চূড়ান্ত খেল অনুষ্ঠিত হোৱাৰ পূৰ্বে ব্যাপক চৰ্চা লাভ কৰিছে। এয়া অৱশ্যে হাস্যৰসৰ বাবে কোনোবাই সৃষ্টি কৰা মিছা কাহিনী।
আচলতে মেছিৰ জন্ম হৈছিল ১৯৮৭ চনৰ ২৪ জুনত। আৰ্জেন্টিনাৰ ৰেচাৰিওত জন্মগ্ৰহণ কৰা ফুটবলাৰ গৰাকী বিশ্বৰ অন্যমত জনপ্ৰিয় ফুটবল খেলুৱৈ। ৩৫ বছৰীয়া ফুটবলাৰ গৰাকী বিশ্বৰ এগৰাকী প্ৰভাৱশালী খেলুৱৈ। ৬ বাৰকৈ ইউৰোপিয়ান গোল্ডেন বুট লাভ কৰা মেছিৰ নামত আছে বহু অভিলেখ।
২২ বছৰ বয়সতেই মেছিয়ে লাভ কৰিছিল Ballon d'or সন্মান। বিশ্বৰ বহু আগশাৰী ক্লাৱৰ হৈ খেলা মেছিয় ২০০৬ চনত বিশ্বকাপ ফুটবলত অভিশেষ ঘটিছিল। ১৮ বছৰ ৩৫৭ দিনৰ বয়সত বিশ্বকাপ খেলিবলৈ অহা মেছিৰ এইবাৰ হ'ব অন্তিম বিশ্বকাপ।
এতিয়ালৈকে বিশ্বকাপত ১১টা গ'ল দিছে মেছিয়ে। বিশ্বকাপত কোনো আৰ্জেন্টিনাৰ খেলুৱৈয়ে দিয়া এই সৰ্বাধিক গ'ল।বিশ্বৰ বিভিন্ন প্ৰান্তত আছে তেওঁৰ অনুৰাগী।কাটাৰ বিশ্বকাপৰ সোণাৰ বুটৰ দৌৰত আছে মেছিও। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমান ৬২০ মিলিয়ন ডলাৰ।
স্পেইনৰ ৰাষ্ট্ৰীয় দলৰ হৈ খেলিবলৈ প্ৰস্তাৱ দিয়া হৈছিল যদিও সেই প্ৰস্তাৱ মেছিয়ে অগ্ৰাহ্য কৰিছিল। ফুটবলৰ উপৰিও মেছিৰ আন এক ছখ গাড়ী সংগ্ৰহ। মেছিৰ আছে দুটা বিসালী অট্টালিকা। তাৰে এটা আৰ্জেন্টিনাত আছে। ২০০৯ চনত ক্ৰয় কৰা এই ঘৰটোৰ মূল্য ২ মিলিয়ন মাৰ্কিন ডলাৰ।
স্পেইনত তেওঁৰ আন এটা ঘৰ আছে। ফ্ৰান্সতে ধৰি আন দেশতো তেওঁৰ বহু সা সম্পত্তি আছে। বছৰি মেছিয়ে গড়ে উপাৰ্জন কৰে ৮০ মিলিয়ন মাৰ্কিন ডলাৰ। ফুটবলৰ পৰা তেওঁৰ আহে ৫৩ মিলিয়ন মাৰ্কিন ডলাৰ। বিজ্ঞাপনৰ পৰা তেওঁ লাভ কৰে বছৰি ২৭ ৰ পৰা ৩০ মিলিয়ন মাৰ্কিন ডলাৰ।
সেই মেছিক লৈয়ে এতিয়া অসমত এনেধৰণৰ চৰ্চা। কাল্পনিক এই খবৰবোৰ বিশ্বকাপ ফুটবলৰ বতৰত কোনে উলিয়াইছে তাকো লৈ চলিছে গুণা গঠা।
আৰু পঢ়ক: নৱগ্ৰহত আজি সম্পন্ন হ'ব বিশিষ্ট চিন্তাবিদ শিৱনাথ বৰ্মনৰ শেষকৃত্য