কঠীয়াতলীত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত

কঠীয়াতলীত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত

author-image
Asomiya Pratidin
New Update
কঠীয়াতলীত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত

ডিজিটেল সংবাদ, কঠীয়াতলী: নগাঁও জিলাৰ কঠিয়াতলীৰ কন্দলী আহুতলীত নিশাটো দূৰৰে কথা দিন দুপৰতে ধাননি পথাৰত ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীয়ে ৷ কেইদিনমান পূৰ্বে কন্দলী আহুতলীত উদ্ধাৰ হোৱা আহত হাতীটোৰ বন বিভাগে চিকিৎসা প্ৰদান কৰাৰ পাছত এতিয়া নিদ্ৰা হৰিছে ৰাইজৰ ৷ শ শ বিঘা শালি ধানৰ খেতি খাই তহিলং কৰাত মুৰে কপালে হাত কৃষকৰ ৷

Advertisment

বন বিভাগে বন্যহস্তী প্ৰতিৰোধৰ বাবে জাটকা লাইন নিৰ্মান কৰিছিল যদিও সেইয়া বৰ্তমান বিকল ৷ যাৰ বাবে কন্দলী পাহাৰৰ পৰা খাদ্য সন্ধানত নামি অহা হাতীৰ জাকে নিতৌ ত্ৰাসৰ সৃষ্টি কৰিছে কৃষকৰ পথাৰত ৷

উপায়হীন ৰাইজে নিশা হাতী খেদিবলৈ গছৰ ওপৰত টঙী ঘৰ সজাৰ লগতে বিপদ সংকুল ভাৱে বিদ্যুতৰ খুটাতো টঙী ঘৰ সাজি ওৰে নিশা জুই জ্বলাই নিজৰ খেতিডৰা ৰক্ষা কৰাৰো অপ্ৰাণ চেষ্টা চলাইছে কৃষক সকলে ৷ বন বিভাগে ফটকা ফুটাই হাতী খেদিবলৈ চেষ্টা চলাইছে যদিও হাতী খেদাত ব্যৰ্থ হয় ৷

Also Read: প্ৰচাৰ অভিযান সমাপ্তঃ কাইলৈ অনুষ্ঠিত হ'ব মিজোৰাম আৰু চট্টীশগড়ৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন

wild elephant