মৰঙীত বন্যহস্তীৰ তাণ্ডৱ, খাদ্য বিচাৰি তহিলং সকলো...

গোলাঘাটৰ মৰঙিত অব্যাহত আছে বন্যহস্তীৰ ত্ৰাস। নিশা হাতীৰ এটা বৃহৎ জাকে পোৰাবঙলা অঞ্চলত ত্ৰাস চলাই অঞ্চলটোত।
মৰঙীত বন্যহস্তীৰ তাণ্ডৱ, খাদ্য বিচাৰি তহিলং সকলো...

ডিজিটেল সংবাদ, গোলাঘাট: গোলাঘাটৰ মৰঙিত অব্যাহত আছে বন্যহস্তীৰ ত্ৰাস। নিশা হাতীৰ এটা বৃহৎ জাকে পোৰাবঙলা অঞ্চলত ত্ৰাস চলাই অঞ্চলটোত।

এটা ধান মিলৰ বৃহৎ পৰিমাণৰ ধান খাই গছকি অনিষ্ট কৰাৰ লগতে বাৰীৰ গছ-গছনি অনিষ্ট কৰি ওৰে নিশা উপদ্ৰৱ চলাই অঞ্চলটোত। নিশাই বন বিভাগৰ লোক উপস্থিত হৈ গুলী ফুটাই আঁতৰাই পঠিয়াবলৈ চেষ্টা চলাই হাতীৰ জাকটোক ।

কিন্তু খাদ্যৰ অভাৱত হাতীৰ জাকটোৱে ওৰে নিশা বিচৰণ কৰি থাকে অঞ্চলটোত। যাৰ বাবে অঞ্চলটোৰ লোক সকলে উজাগৰে থাকি পহৰা দিব লগা হয় । এনেদৰেই এতিয়া দিনে নিশাই মৰঙিৰ ভিন্ন প্ৰান্তত হাতীৰ জাকটোৱে চলাই আহিছে উপদ্ৰৱ।

মৰঙীত বন্যহস্তীৰ তাণ্ডৱ, খাদ্য বিচাৰি তহিলং সকলো...
'চোৰৰ উপাধি মোডী কিয় হয়' আদালতে দোষী সাৱ্যস্ত কৰিলে ৰাহুল গান্ধীক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in