বন্য হস্তীৰ তাণ্ডৱ! ভাঙি পেলালে দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ

সমগ্র ৰাজ্যতে হাতী মানুহৰ সংঘাত অব্যাহত আছে। খাদ্য বিচাৰি জন সমাজলৈ ওলাই আহে হাতীৰ জাক। তাৰ পাছতেই চলাই তাণ্ডৱ।

author-image
Asomiya Pratidin
New Update
বন্য হস্তীৰ তাণ্ডৱ!  ভাঙি পেলালে  দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ

ডিজিটেল সংবাদ, গহপুৰঃ সমগ্র ৰাজ্যতে হাতী মানুহৰ সংঘাত অব্যাহত আছে। ইয়াৰ মাজতে গহপুৰৰ দক্ষিণ অঞ্চলৰ তলতলী গাঁৱত বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই ভাঙি পেলালে এটি দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাসগৃহ।

Advertisment

উল্লেখ্য যে ১২ /১৩ টাকৈ হাতীৰ জাকে আহি লণ্ডভণ্ড কৰে ঘৰ বাৰী। লগতে খাই গছকি নষ্ট কৰি পেলাইছে খেতি পথাৰ।এই ক্ষেত্ৰত কাণষাৰ নাই বন বিভাগৰ।

কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকক ৰক্ষণাবেক্ষণ দিয়াত ব্যৰ্থ হৈছে বন বিভাগ। ।ৰাইজে দিন-নিশা একাকাৰ কৰি হাতীৰ ভয়ত বিনিদ্ৰ ৰজনী কটোৱাৰ বিপৰীতে কুম্ভকৰ্ণৰ নিদ্ৰাত নিদ্ৰামগ্ন বন বিভাগ ।

Also Read: কনফিউজ!

elephant