কনফিউজ!

মানুহক কি লাগে? কিহৰ পিছত দৌৰিছে। জীৱন উপভোগ কৰাৰ সলনি পোৱা -নোপোৱাৰ হিচাবত সোমাই পৰিছে। আধুনিকতাৰ নামত হেৰোৱাৰ উপক্ৰম জীৱনৰ মাদকতা।
কনফিউজ!

মৃদুল কুমাৰ সন্দিকৈ

কি হৈছে? এইবোৰৰ বাবে দায়ী কোন? কিয় ইমান নিষ্ঠুৰ হৈ পৰিছো আমি? সাম্প্ৰতিক প্ৰেক্ষাপটত এই বিষয়বোৰ নভৱা মানুহ হয়তো নোলাব। চৌদিশে যিবোৰ ঘটনা ঘটি আছে সেই ঘটনাবোৰৰ সমাধান কেৱল আইন আৰু আৰক্ষীয়ে জানো।

আজিৰ আধুনিক জীৱনৰ বহুবোৰ কাৰক সেই ঘটনাবোৰৰ বাবে পৰোক্ষ-প্ৰত্যক্ষভাৱে দায়ী। ক'ব নোৱাৰাকৈয়ে আমি তেনেবোৰ অপকৰ্মৰ একো একোটা অনুঘটক হৈ পৰিছো। মাঁথো সেই সুক্ষ্ম দৃষ্টিৰে কথাবোৰ আমি ভাবি চোৱা নাই।

আধুনিকতা আৰু আধ্যাত্মিকতা একে নহয়। কিন্তু জীৱনৰ বাবে দুয়োটাই প্ৰয়োজন। এটাৰ মাত্ৰা অত্যাধিক হৈ গ'লে সমাজখন পংগু হৈ পৰে। স্বাভাৱিক জীৱনত ইয়াৰ প্ৰভাৱ এনেকৈ পৰে যে চৌদিশত সংঘটিত ঘটনা বোৰৰ প্ৰতিৰোধ কৰাতো কঠিন হৈ পৰে।

ধৰা হওক জীৱন এটা পথ। সেই পথটোৰে যাবলৈ দুজন মানুহ ৰৈ আছে। এজন অন্ধ কিন্তু খোজ কাঢ়িব পাৰে। আনজনৰ দৃষ্টি আছে, খোজকাঢ়িব নোৱাৰে। দুয়োজনে মিলি সেই পথটোৰেই আগবাঢ়িব পৰা উপায়টো হ'ল- খোজকাঢ়িব পৰা দৃষ্টিহীন জনে খোজ কাঢ়িব নোৱাৰা দৃষ্টি নথকা লোকজনক কান্ধত তুলি লোৱা। এজনৰ দৃষ্টি আনজনৰ খোজকাঢ়িব পৰা ক্ষমতাই সেই জীৱন নামৰ পথটোত আগবঢ়াত সহায় কৰে।

আধ্যাত্মিকতা হ'ল দৃষ্টি। আধুনিকতা হ'ল খোজকাঢ়িব পৰা ক্ষমতা। এই দৃষ্টিভংগীৰে জীৱনটোক আগুৱাই নিয়াৰ আমাৰ এক জীৱনবোধ আছিল। এতিয়া সেই জীনৱবোধৰ অভাৱ পোৱাৰ বাবেই বিভিন্ন সমস্যা সমাধান বিচাৰি আমি কৰিব নলগা এনে কিছু কাম কৰিবলৈ লৈছো য'ত নৈতিকতা, দায়বদ্ধতা, ভয় একো নাথাকে।

এই সমস্যাবোৰৰ সমাধান ক'ত। হয়তো লাহে লাহে আমি নিজকে সংশোধিত কৰিব লাগিব। সকলোতে ভাল বেয়া দুটা দিশ থাকে। এজন ঘাটকৰ হাতত থকা চুৰীখনে প্ৰাণ ল'ব পাৰে। একেই এজন চিকিৎসকৰ হাতত থকা চুৰী খনে প্ৰাণ দিব পাৰে।

এইটোও সত্য যে, ভুল বা শুদ্ধ বুলি কোনো নিৰ্দিষ্ট উত্তৰ বহু বিষয়ত নাথাকে। মানুহৰ জীৱনৰ প্ৰতিটো পুৱা আশা হৈ আহে আৰু প্ৰতিটো সন্ধিয়াই দিনটোৰ অভিজ্ঞতা লৈ উভতে।

মানুহ অসুখী হৈ পৰিছে। সেই অসুখৰ কাৰণ আমি নিজেই।পোৱা-নোপোৱাৰ হিচাবে মানুহক পীড়া দিয়ে। আধুনিক জীৱনৰ গৰাকী হৈ আমি ইমান ইচ্ছু, সমস্যা, মায়া-মোহৰ পাছত দৌৰিছো যে কিবা এটা পাবলৈ চেষ্টা কৰি সকলো হেৰুৱাৰ পৰিৱেশ সৃষ্টি হৈছে।

য'ত মানুহ থাকে তাত সম্পৰ্ক, ৰাজনীতি , সমস্যা, অহংকাৰ আদি সকলো থাকে। এইবোৰৰ উপৰিও মানুহক তথ্য-প্ৰযুক্তিৰে এক প্ৰকাৰৰ নিষ্কৰ্মা কৰি পেলাইছে।এতিয়া আমি সামাজিক মাধ্যমত যিমান সময় দিও সেই সময়খিনি পূৰ্বতে মানুহে কামত দিছিল।

সেই ব্যস্ততাই মানুহৰ মনত নেতিবাচক চিন্তাৰ পৰা দূৰত ৰাখিছিল। তাৰ সমান্তৰাল ভাৱে আছিল আধ্যাত্মিক সুস্থতা। পুৱা-গধূলি প্ৰাৰ্থনা , ভয় ভক্তিৰে নিজৰ সীমাবদ্ধতাক উপলব্ধি কৰাৰ অৱকাশ 'নাপায়' নামৰ ধাৰণাই দিছিল।

মানুহৰ ভাৱনা সলনি হৈছে। এতিয়া আমি চাও আনে কৰি কৰিছে, কি কিনিছে, কিমান টকা ঘটিছে। সেই চেতনাই মানুহৰ মানসিকতাক নিজক উপলব্ধি কৰাৰ পৰা আঁতৰাই ৰাখিছে। আনৰ সকলো আছে মোৰ একো নাই তেনে তুলনাই নিজৰ ক্ষমতা, দক্ষতা, যোগ্যতাক নিশেষ কৰি পেলাইছে।

আমি বুজিবলৈ চেষ্টা নকৰো জীৱনক সকলোৰে সমস্যা বেলেগ বেলেগ। সকলোৰে সংগ্ৰাম, সুযোগ, পৰিয়ালৰ অৱস্থা পৃথক পৃথক। সেয়েহে কোৱা হয় জীৱন নামৰ প্ৰশ্ন কাকত খনৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ প্ৰতিজন মানুহৰ বাবে বেলেগ।

আমি নিজক বিচাৰিব নুখুজো। নিজক মূল্যায়ন কৰিব নোৱাৰো। নিজৰ বিশেষত্বক সফলভাৱে বিচাৰি তুলি ধৰিব নোৱাৰাৰ বাবে জীৱনত বিফল বুলি হাহাকাৰ কৰো। আনক প্ৰভান্বিত কৰাতকৈ নিজে কৰিব পৰা খিনি কৰা সুখ ল'ব নাজানো।

পৃথিৱীত কোনো মানুহেই ১০০ শতাংশ শুদ্ধ বা সত্য নহয়। আমাৰ দৃষ্টিভংগী সলনি কৰিলেই সেই ভুল শুদ্ধৰ তাৰতম্য ঘটে। বাস্তৱতাবাদৰ পৰা আঁতৰি যোৱা মানসিকতাই এই সময় খিনিক কঠিনৰ পৰা কঠিন কৰি গৈ আছে।

সুখ মানুহৰ বাবে এটা চইজ। বিলাসীকতা মানুহৰ বাবে অভিশাপ হৈ পৰিছে। যিকোনো পন্থা ল'বলৈ মানুহে এতিয়া চিন্তা নকৰা হৈছে। এডজাষ্ট কৰিব পৰা গুণ আমি হেৰুৱাই পেলাইছো। নিজৰ ভুল আনলৈ ঠেলি আমি নীৰৱ দৰ্শক হৈ ৰৈছো। সহনশীলতাৰ অভাৱ এতিয়া।

হাতী, মাছ,বান্দৰ, কাছ আদি আনি আমি যেন গছত উঠা প্ৰতিযোগীতা পাতিছো জীৱনক লৈ। মাছে যে পানীতহে সাতুৰিব পাৰে সেই কথা আমি পাহৰি পেলাইছো। সকলো একাকাৰ কৰি পেলাইছো।

বিভিন্ন প্লেটফৰ্মত ৱেব চিৰিজবোৰ চাই অপৰাধৰ ধৰণ কৰণ শিকিছো। তেনে চিৰিজবোৰ নিৰ্মাণ কৰিবলৈ আমিয়েই উৎসাহিত কৰিছো। ভাল বিষয়ৰ সলনি হত্যা, চাচপেন্স, বলৎকাৰ আদিৰ দৃশ্যাংশ সন্নিবিষ্ট ৱেব চিৰিজৰ এতিয়া বিশাল বজাৰ।

এইবোৰে আমাৰ মনত কি থৈ গৈছে। একেই কথা হৈছে সংবাদ মাধ্যমৰ ক্ষেত্ৰতো । এতিয়া ভাল বেয়া বাতৰি বিষয়বস্তুতকৈ ভিউজ, শ্বেয়াৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। সেয়েহে বাৰে বাৰে বন্দনা কলিতাৰ দৰে হত্যাকাৰী মহিলা গৰাকীৰ কেন্দ্ৰিক খবৰবোৰ চৌদিশে বিয়পাই দিয়া হৈছে। কিয়নো এইবোৰ মানুহে চাই, ভাল ভিউজ পায়।

দা কিনা দোকানী জনক ধৰা, স্কুটী খন বিচাৰি পোৱা, ভাৰাঘৰৰ লৰাটো পৰীক্ষাৰ অন্তত ঘৰলৈ যোৱা খবৰবোৰতো এনেদৰে মছলা সনা হৈছে যে সঁচা মিছা বিচাৰ কৰিবলৈ কাৰোৱেই সময় নাই।

কনফিউজ!
বিশ্বৰ শীৰ্ষত নহয়, শেষত থাকক গুৱাহাটী...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in