বিহপুখুৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ: তহিলং কৰিলে খেতি-পথাৰ, ঘৰ-বাৰী সকলো

বিহপুখুৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ,তহিলং কৰিলে খেতি-পথাৰ, ঘৰ-বাৰী সকলো

author-image
Asomiya Pratidin
New Update
বিহপুখুৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ: তহিলং কৰিলে খেতি-পথাৰ, ঘৰ-বাৰী সকলো

ডিজিটেল সংবাদ, বিহালীঃ বিহালী সমষ্টিৰ বিহপুখুৰীত বনৰীয়া হাতীৰ উপদ্ৰব।পুৱতি নিশা ১৫/২০ জনীয়া হাতীৰ জাক এটাই মোনাবাৰী চাহ বাগিচাৰ অন্তৰ্গত বিহপুখুৰীত প্ৰৱেশ কৰি বিভিন্নজনৰ চৌহদৰ পকাৰ দেৱাল ভঙাৰ লগতে বাৰীৰ খেতি তহিলং কৰে।আনকি উক্ত অঞ্চলৰ বাসিন্দা তথা চাইনিং গ্ৰীণ আছিয়ানা ৰিজৰ্টৰ স্বতাধিকাৰী কল্প কিশোৰ হাজাৰিকাৰ বাৰীত থকা বহু পৰিমানৰ কলগছ,অমিতা গছ,কেচা শাক পাছলিৰ খেতি সম্পূৰ্ণ ভাবে তহিলং কৰাৰ লগতে এখন প্ৰকাণ্ড পকাৰ দেৱাল আৰু শৌচগাৰ এটাও সম্পূৰ্ণ ধংস কৰে।

Advertisment

বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ হাতীৰ জাকটোক খেদি পঠিয়াই যদিও বিস্তৰ ক্ষতি সাধন কৰে বনৰীয়া হাতীৰ জাকটোয়ে। ইফালে উক্ত অঞ্চলত বহু বছৰ ধৰি সন্ত্ৰাস অব্যাহত ৰাখিছে বনৰীয়া হাতীৰ জাকে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত ওলাই অহা হাতীৰ জাক আৰু মানুহৰ মাজত কেইবাবাৰো সংঘাত হৈ বহু লোকে প্ৰাণ পৰ্যন্ত হেৰুৱাব লগিয়া হৈছে।

আনহাতে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ জীৱিকা কৰা উক্ত অঞ্চলৰ লোকসকল এতিয়া বনৰীয়া হাতীৰ উপদ্ৰবত বহু ক্ষতিৰ সন্মুখীন হ'ব লগীয়া হৈছে।যাৰ বাবে এই সমস্যাৰ স্থায়ী সমাধান বিচাৰি চৰকাৰ তথা বন বিভাগক আহ্বান জনাইছে।

Also Read: 'কিতাপ' ফেৰিৱালাৰ মাল নহয়...

elephant