ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ উপদ্ৰৱ

খাদ্যৰ সন্ধানত নিশা বনৰীয়া হাতীৰ এটা বৃহৎ জাকে মেশগুৰি-পানবাৰী গাঁওত প্ৰৱেশ কৰি ওৰে নিশা চলালে উপদ্ৰৱ।

author-image
Asomiya Pratidin
New Update
ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ উপদ্ৰৱ

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰৰ ভাৰত ভূটান সীমান্তত অব্যাহত বন্য হস্তীৰ উপদ্ৰৱ। খাদ্যৰ সন্ধানত নিশা বনৰীয়া হাতীৰ এটা বৃহৎ জাকে মেশগুৰি-পানবাৰী গাঁওত প্ৰৱেশ কৰি ওৰে নিশা চলালে উপদ্ৰৱ। সম্পূৰ্ণ ৰূপে ভাঙি লণ্ড ভণ্ড কৰিছে গাঁওখনৰ দুটাকৈ পৰিয়ালৰ পাঁচটা বাসগৃহ।

Advertisment

খঙাল হাতীৰ জাকটোৱে বাসগৃহ ভাঙি পেলোৱাৰ ওপৰিও মজুত থকা ধান,চাউল খাই তহিলং কৰাৰ লগতে বিভিন্ন সা সামগ্ৰী, আচবাদ আদিও ভাঙি পেলায়।আনহাতে আনাৰাস,তামোলৰ বাগান ভাঙিও বিস্তৰ ক্ষতি কৰে।

অতৰ্কিতে কুকিলা বিশ্বাস নামৰ লোকজনৰ বাসগৃহত জাকটোৱে প্ৰৱেশ কৰাত কথমপি প্ৰাণ ৰক্ষা পৰে বৃদ্ধা গৰাকীৰ লগতে তেওঁৰ সৰু পুত্ৰৰ প্ৰাণ। প্ৰতি নিশাই হাতী খেদাত ব্যস্ত হ'ব লগা হৈছে কুমাৰীকাটা আৰু বগৰিখুটি বন বিভাগৰ দলে।

Also Read: বনকৰা কিশোৰীৰ শৰীৰত গৰম পানী ঢালি অত্যাচাৰ, আটক ছাত্ৰ নেতা

wild elephant