বনকৰা কিশোৰীৰ শৰীৰত গৰম পানী ঢালি অত্যাচাৰ, আটক ছাত্ৰ নেতা

কাকপথাৰত বনকৰা কিশোৰীক নিৰ্যাতনৰ ঘটনা। এগৰাকী ছাত্র নেতাৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ।

author-image
Asomiya Pratidin
New Update
বনকৰা কিশোৰীৰ শৰীৰত গৰম পানী ঢালি অত্যাচাৰ, আটক ছাত্ৰ নেতা

ডিজিটেল ডেস্কঃ কাকপথাৰত বনকৰা কিশোৰীক নিৰ্যাতনৰ ঘটনা। এগৰাকী ছাত্র নেতাৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ।

মনেশ্বৰ চাওৰাৰ বিৰুদ্ধে বনকৰা কিশোৰীক গৰম পানী ঢালি দিয়াৰ অভিযোগ উত্থাপন হৈছে। মনেশ্বৰ চাওৰাৰ পত্নীৰ বিৰুদ্ধেও অভিযোগ উত্থাপন ভুক্তভোগী কিশোৰীৰ। কিশোৰীগৰাকীৰ দেহত গৰম বস্তুৱে পোৰা আঘাত পৰিলক্ষিত হয়।

কিশোৰীগৰাকীৰ ঘৰ মৰাণৰ পথালিবামত।ইতিমধ্যে কিশোৰীগৰাকীক উদ্ধাৰ কৰি অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত কাকপথাৰ আৰক্ষীৰ নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Also Read: মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ দশা এয়া, যাতায়তৰ মাধ্যম বুলিবলৈ এখন মাত্ৰ বাঁহৰ সাকো

Assam police