মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত মেঘালয়ৰ বনৰীয়া হাতীৰ তাণ্ডৱ

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত মেঘালয়ৰ বনৰীয়া হাতীৰ তাণ্ডৱ

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, মানকাচৰ: দক্ষিণ শালমাৰা মানকাচৰ জিলাত মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী কালো গাঁৱত বৃহস্পতিবাৰে নিশা মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা এজাক বনৰীয়া হাতী প্ৰৱেশ কৰি খেতি পথাৰত উপদ্ৰৱ চলাই কালো নদীৰ ওপৰত থকা আন্তৰাষ্ট্ৰীয় সীমান্তৰ দলং এখনৰ তলেৰে বাংলাদেশলৈ প্ৰৱেশ কৰে।

Advertisment

প্ৰায় ৩০ জনীয়া হাতীৰ জাকটো নিশাৰ ভাগত বাংলাদেশৰ খেতি পথাৰ তহিলং কৰাৰ লগতে এজন লোকৰ ঘৰ দুৱাৰ ভাঙি নষ্ট কৰে। হাতীৰ জাকটো পুৱাৰ ভাগত পুনৰ কালো নদীৰ দলং খনৰ তলেৰে ভাৰতলৈ প্ৰৱেশ কৰি মানকাচৰ হৈ মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ গাৰো পাহাৰত আশ্ৰয় লয়।

খাদ্যৰ সন্ধানত হাতীৰ জাকটো এইদৰে গাৰো পাহাৰৰ পৰা জনাঞ্চললৈ নামি অহাত মানকাচৰৰ সাধাৰন ৰাইজৰ মাজত নিশা হাহাকাৰ জনক পৰিবেশৰ সৃষ্টি হৈছিল। নিশা গাঁৱবাসীয়ে বিভিন্ন প্ৰকাৰে হাতীৰ জাকটোক খেদা মৰাত বাংলাদেশলৈ গতি কৰিছিল।

আৰু পঢ়ক:  নাৰায়ণপুৰৰ ৰঙতি-বালিপথাৰ-দোৰপাং সংযোগী পথৰ বিদ্ধস্ত ৰূপ…

assam mankachar