নাৰায়ণপুৰৰ ৰঙতি-বালিপথাৰ-দোৰপাং সংযোগী পথৰ বিদ্ধস্ত ৰূপ…

নাৰায়ণপুৰৰ ৰঙতি-বালিপথাৰ-দোৰপাং সংযোগী পথৰ বিদ্ধস্ত ৰূপ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এটা বিদ্ধস্ত পথ । ৰঙতি শংকৰ মন্দিৰ তিনিআলিৰ পৰা বালিপথাৰ হৈ অসম-অৰুণাচল সীমান্তৱৰ্ত্তী দোৰপাং সংযোগী ৬ কিলোমিটাৰ দৈৰ্ঘৰ লোক নিৰ্মাণ বিভাগৰ পথটো বিগত বছৰ বছৰ ধৰি বিদ্ধস্ত হৈ থকাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভূগি আহিছে ।

বাৰিষাটো বাদেই খৰালিৰ এজাক বৰষুণতে ঠায়ে ঠায়ে একাঁঠু পৰ্যন্ত পানী জমা হয় পথটিত । ফলত বেমাৰী,প্ৰসূতি, স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ পথচাৰীলৈকে সকলোৱে যাতায়তৰ ক্ষেত্ৰত চৰম সমস্যাৰ সন্মুখীন হৈ আহিব লগা হৈছে । চৰকাৰ আহে আৰু যায় কিন্তু কোনো এখন চৰকাৰৰ সুদৃষ্টি নপৰে এই গুৰুত্বপূৰ্ণ পথটোলৈ ।

বৃহত্তৰ অঞ্চলটোৰ কুৰি খনৰো অধিক গাঁৱৰ ৰাইজৰ এইটোৱেই হ'ল যাতায়তৰ একমাত্ৰ মুল পথ । নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰতিগৰাকী জনপ্ৰতিনিধিয়েই অঞ্চলটোলৈ গৈ পথটিৰ উন্নতিৰ কথা কয় যদিও নিৰ্বাচন গ'লেই সকলো পাহৰি যায় ।

অৱশেষত অঞ্চলটোৰ ৰাইজে সংবাদ মাধ্যমৰ জৰীয়তে সদা ব্যস্ত তথা অতি গুৰুত্ত্বপূৰ্ণ এই বিদ্ধস্ত পথটো শীঘ্ৰে যাতায়তৰ বাবে সুচল কৰি তুলিবলৈ চৰকাৰ-প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in