চৰাইদেউ চিংলোত বনৰীয়া হাতীৰ সন্ত্ৰাস : গুৰুতৰভাৱে আহত এজন

ঘটনাস্থলীত পলমকৈ বন বিভাগৰ লোক উপস্থিত হোৱাত ক্ষুব্ধ ৰাইজ

author-image
Asomiya Pratidin
New Update
চৰাইদেউ চিংলোত বনৰীয়া হাতীৰ সন্ত্ৰাস : গুৰুতৰভাৱে আহত এজন

ডিজিটেল সংবাদ,চৰাইদেউঃ হাতী-মানুহৰ সংঘাতে ৰাজ্যত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আছে হাতী আৰু মানুহৰ সংঘাত।

Advertisment

এইবাৰ চৰাইদেউ জিলাত অসম- নাগালেণ্ড সীমান্তৱৰ্তী চিংলো পথাৰ বৰবিল গাঁৱত সংঘটিত হ'ল হাতী আৰু মানুহৰ ভয়াৱহ সংঘাত। বুধবাৰে নিশা গ্ৰামাঞ্চলটো বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে এজন লোক।

আহত লোকজনৰ নাম গনেশ ডেকা (৪৪)বুলি জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত ডেকা বৰ্তমান সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ইফালে ঘটনাস্থলীত পলমকৈ বন বিভাগৰ লোক উপস্থিত হোৱাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে ৷ আনহাতে বনৰীয়া হাতীটোৱে গাঁৱখনৰ বহু পৰিয়ালৰ বাৰীৰ শাক-পাচলিকে ধৰি কলগছ, তামোলগছ ভাঙি বিস্তৰ ক্ষতি সাধন কৰা বুলি জানিব পৰা গৈছে ৷

Also Read: ৰঙাপৰাত এজনীয়া শিক্ষকৰে চলিছে চৰকাৰী প্ৰাথমিক বিদ্যালয়

charaideo man elephant conflict