ৰঙাপৰাত এজনীয়া শিক্ষকৰে চলিছে চৰকাৰী প্ৰাথমিক বিদ্যালয়

শিক্ষাগুৰু বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে শিক্ষা বিভাগক কাতৰ আহ্বান শিক্ষাৰ্থীৰ
ৰঙাপৰাত এজনীয়া শিক্ষকৰে চলিছে চৰকাৰী প্ৰাথমিক বিদ্যালয়

ডিজিটেল সংবাদ,জামুগুৰিহাট : ৰঙাপৰাত এজনীয়া শিক্ষকৰে চলিছে এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়। ৰঙাপৰা চহৰৰ অতি দুৰ্গম ঠাইত থকা বিদ্যালয়খনৰ নাম ৩ নং আমলগা প্ৰাথমিক বিদ্যালয়।

বিদ্যালয়খনৰ সৰ্বমুঠ ৯৩ গৰাকী ছাত্ৰ-ছাত্ৰীক এগৰাকী শিক্ষয়িত্ৰীয়ে পাঠদান কৰি আহিছে ৷ ৰঙাপৰা যোগীবিলৰ সমীপত থকা ৩ নং আমলগা বিদ্যালয়খনত অনিতা স্বৰ্গীয়াৰী নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে একেটা সময়ত তিনিটাকৈ শ্ৰেণীকোঠাত অকলশৰে শিক্ষকতা কৰি আহিছে ৷

আনহাতে শিক্ষয়িত্ৰীগৰাকীক সহায় কৰি আহিছে তেঁওৰ স্বামীয়ে ৷ তেঁওৰ স্বামীয়ে ’ক’ শ্ৰেণীৰ কণ কণ ছাত্ৰ-ছাত্ৰীক প্ৰাথমিক জ্ঞান প্ৰদান কৰি সহায় কৰি আহিছে ৷ বিভাগীয় সকলোবোৰ কাম-কাজ কৰাৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় ৷

বিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰীয়ে এজন শিক্ষাগুৰু বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে শিক্ষা বিভাগক কাতৰ আহ্বান জনায় । ৰঙাপৰাৰ অতি দুৰ্গম অঞ্চলত থকা ৩ নং আমলগা প্ৰাথমিক বিদ্যালয়খনত এজন শিক্ষক নিযুক্তি দি দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰি ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত শিক্ষা বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ’ব ৷

ৰঙাপৰাত এজনীয়া শিক্ষকৰে চলিছে চৰকাৰী প্ৰাথমিক বিদ্যালয়
ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত অমৃত হেতাৰীৰ প্ৰথম স্থান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in