বগীঢলাত বন্যহস্তীৰ সন্ত্ৰাস

বগীঢলাত বন্যহস্তীৰ সন্ত্ৰাস

author-image
Asomiya Pratidin
New Update
বগীঢলাত বন্যহস্তীৰ সন্ত্ৰাস

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড়ৰ বগীঢলাত বনৰীয়া হাতীৰ সন্ত্ৰাস। নুমলীগড়ৰ বৃহৎ অঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস। নিতৌ বিপদৰ সন্মুখীন হৈছে জনতা।

Advertisment

জানিব পৰা মতে, হাতীৰ এটা বৃহৎ জাকে বন্ধ হৈ থকা বগীঢলা চাহ বাগিচাত মাহ-মাহ ধৰি আশ্ৰয় লৈ আছে। এই জাকৰ পৰা ফালৰি কাটি অহা দুটা হাতীয়ে সমগ্ৰ অঞ্চলটোত সন্ত্ৰাস চলাই এখন দোকানসহ কেইবাটাও বাসগৃহ লণ্ডভণ্ড কৰে ।

কথমপি প্ৰাণৰক্ষা এটা বাসগৃহৰ কণমানিসহ পৰিয়ালৰ লোক । উল্লেখ্য যে এদিন বা দুদিন নহয় অঞ্চলটোত নিতৌ হাতীয়ে সন্ত্ৰাস চলাই ৰাইজৰ ঘৰ দুৱাৰ বিধ্বস্ত কৰাত অসহায় হৈ পৰিছে জনতা।

Also Read: অসম প্ৰদেশ ভাষিক সংখ্যালঘূ বিভাগৰ সংবাদমেল

wild elephant