/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/a8a187e2-e8bb-455e-800e-fd4d940bdfe4/2.jpg)
ডিজিটেল সেৱা, কঠীয়াতলী:- নগাঁৱৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথত গজৰাজৰ ৰেলী ৷ নিশা হ'লেই এতিয়া কঠিয়াতলীৰ বিভিন্ন স্থানৰ আতংকৰ কাৰণ হৈ পৰিছে বন্যহস্তী ৷ বনাঞ্চল এৰি এতিয়া জনাঞ্চলত মুক্ত বিচৰণ কৰিছে শতাধিক বন্যহস্তীয়ে ।
কন্দলী পাহাৰৰ পৰা নামি অহা এটা বৃহৎ হাতীৰ জাক পাৰ হয় নিজ কঠিয়াতলীৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰে ৷ বন্যহস্তীৰ জাকটো পাৰ হোৱাৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে বহু যান বাহন আবদ্ধ হৈ পৰে ৷
খাদ্যৰ সন্ধানত অহা বন্যহস্তীৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে গঁঞা ৰাইজ ৷ হাতী খেদাত ব্যৰ্থ হৈছে নগাঁৱৰ বন বিভাগ ৷ বন্যহস্তীৰ উপদ্ৰৱত অতিষ্ঠ হৈছে নগাঁৱৰ কঠিয়াতলী, কন্দলী, ননৈ, ৰাঙলু, গমাৰিআটি, কছাৰী গাঁৱৰ লগতে ১০ খনৰো অধিক গাঁৱৰ ৰাইজ ৷ বিগত এমাহ ধৰি দিনে নিশাই উপদ্ৰৱ চলায় বন্যহস্তীৰ জাকে এফালৰ পৰা পকা ধান খায় তহিলং কৰাৰ লগতে অনিষ্ট কৰিছে হাজাৰ হাজাৰ বিঘা পকা ধান ৷