/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/cd215171-8ac9-4eab-97b7-16753158b7e3/chirang_23.jpg)
চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ বিষ্ণুপুৰত বন্যহস্তীৰ তাণ্ডৱ...
ডিজিটেল সংবাদ চিৰাংঃ চিৰাং জিলাৰ বিজনীৰ ভাৰত -ভূটান সীমান্তৱৰ্তী ১ নং বিষ্ণুপুৰ গাঁৱত দেওবাৰ নিশা বন্যহস্তী প্ৰৱেশ কৰি দীৰ্ঘ সময় উপদ্ৰৱ চলায় । খাদ্যৰ সন্ধানত বন্যহস্তীয়ে গাঁওখনৰ নিৱাসী সৰোজনী বিশ্বাস নামৰ এগৰাকী বৃদ্ধাৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বাসগৃহৰ ভিতৰত থকা চাউল খাই বিস্তৰ ক্ষতিসাধন কৰে।
অৱশ্যে বন্যহস্তীৰ উপদ্ৰৱত কোনো লোক হতাহত হোৱা নাই । উল্লেখ্য যে, কাষৰীয়া সংৰক্ষিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত প্ৰতি নিশাই ওলাই অহা বন্যহস্তীয়ে ভাৰত-ভূটান সীমান্তৱৰ্তী বিষ্ণুপুৰ, দৈলংঝাৰ, চিকাঝৰা, অগ্ৰং, অক্সাগুৰী আদি কৰি বিভিন্ন অঞ্চলসমূহত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই গঞা ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰাটো সাধাৰণ ঘটনাত পৰিণত হৈছে ।
বন্যহস্তীৰ প্ৰৱেশ ৰোধ কৰিবলৈ উদ্যানখনৰ কাষেৰে হাতী প্ৰতিৰোধী বিদ্যুৎ সংযোগী তাঁৰৰ ব্যৱস্থা কৰিছে যদিও বন্যহস্তীয়ে বিদ্যুৎ সংযোগী তাৰৰ বেৰ ভাঙি গাঁৱসমূহত প্ৰৱেশ কৰি উপদ্ৰৱ অব্যাহত ৰাখিছে ।
ক্লিক কৰি পঢ়কঃ নিশা ইটাভাটাৰ স্বত্বাধিকাৰী তথা শিক্ষক আব্দুল মজিদক হত্যা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us