নিশা ইটাভাটাৰ স্বত্বাধিকাৰী তথা শিক্ষক আব্দুল মজিদক হত্যা

নিশা ইটাভাটাৰ স্বত্বাধিকাৰী তথা শিক্ষক আব্দুল মজিদক হত্যা

ডিজিটেল সংবাদ,নগাঁও : ইটাভাতাৰ স্বতাধিকাৰীক হত্যা ৷ নগাঁও সদৰ থানাৰ অন্তৰ্গত ৰৌ মাৰীত সংঘটিত হৈছে হত্যাকাণ্ডটোৰ ঘটনা ৷ জানিব পৰা মতে ৭১৪ নং বালিকা মুক্তাবৰ প্ৰধান শিক্ষক আব্দুল মজিদক দেওবাৰে নিশা নিজা ঘৰতে হত্যা কৰে ঘাটকে ৷ স্থানীয় এলেকাটোত শিক্ষক আব্দুল মজিদে ইটাভাটা স্থাপন কৰি ব্যৱসায়ো চলাই আছিল ৷

নিশা প্ৰায় দহবজাত ৰৌমাৰীৰ মজিদক বাসভৱনতে হত্যা কৰে ঘাতক ৷ মজিদৰ ঘৰত প্ৰৱেশ কৰি ঘাতকে হাতত নিয়া চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰে ৷ এছ এম নামৰ এটি ইটা ভাটা খুলি ব্যৱসায় চলাই আহিছিল ৷

জানিব পৰা মতে, আব্দুল মজিদ নিশা নিজা বাসভৱনলৈ অহাৰ পিছতে অচিনাক্ত ঘাতকে আক্ৰমণ কৰি চোতালতে পেলাই থৈ আতৰি যায় ৷ পিছত পৰিয়ালৰ লোকে নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷

আৰক্ষীযে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ কিন্তু ঘাতকৰ সন্ধান লাভ কৰা নাই ৷ ইটা ভাটাৰ স্বত্বাধিকাৰী আব্দুল মজিদক কোনে কিয় হত্যা কৰিলে সেই কথা পোহৰলৈ অহা নাই ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in